লখিমপুৰ, 6 নৱেম্বৰ :ঋণ ল’বলৈ গৈ ICIC বেংকৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ ঠগ প্ৰৱঞ্চনাৰ বলি হ’ল এগৰাকী মহিলা কৰ্মচাৰী ৷ নাৰায়ণপুৰ শিমলুগুৰিত চম্পু বৰা,জিন্তু বৰা আৰু দিগন্ত কোঁৱৰ নামৰ তিনি যুৱকে ICIC অনুমোদিত এটা গ্ৰাহক সেৱা কেন্দ্ৰ স্থাপন কৰি অঞ্চলটোত গ্ৰাহকক ঋণ প্ৰদানৰ ব্যৱস্থা কৰিছিল ৷
অভিযোগ অনুসৰি,ধলপুৰৰ ননিমাই বৰুৱা নামৰ স্বাস্থ্য বিভাগৰ মহিলা কৰ্মচাৰী এগৰাকীয়ে অজিত বৰুৱা নামৰ যুৱকজনৰ জৰিয়তে কেন্দ্ৰটোৰ তিনি যুৱকৰ সৈতে যোগাযোগ কৰাৰ পিচত তিনি লাখ টকা ঋণৰ বাবে সম্পূৰ্ণ কৰিছিল সকলো যাৱতীয় কামকাজ ৷ মহিলা গৰাকীৰ ঘৰলৈ আহি সকলো ধনৰ পৰিমাণ উল্লেখ্য নকৰাকৈ বেংকৰ কাগজ পত্ৰত চহী কৰাৰ লগতে চাৰিখন চেক লৈ যোৱাৰ পাছত মহিলা গৰাকীৰ একাউন্টত 11 লাখ টকা ভৰাই দিছিল ৷
লগতে পঢ়ক :মৰাণত প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা সম্পন্ন