অসম

assam

ETV Bharat / state

ৰাজপথত কুকুৰে চোচৰাই আনিলে দেৱশিশুক! - লখিমপুৰত সংঘটিত হয় এক অমানৱীয় ঘটনা

লখিমপুৰ জিলাৰ ৰাজপথত কুকুৰে টানি চোচৰাই আনে এটা মৃত দেৱশিশুক ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

lakhimpur_baby_dead
লখিমপুৰ জিলাৰ নকাৰীৰ ৰাজপথত উদ্ধাৰ হয় এটি মৃত দেৱ শিশু

By

Published : Jan 26, 2020, 7:54 PM IST

লখিমপুৰ,26জানুৱাৰী : গণৰাজ্য দিৱসৰ দিনাই লখিমপুৰত সংঘটিত হয় এক অমানৱীয় ঘটনা ৷ লখিমপুৰ জিলাৰ নকাৰীৰ ৰাজপথত উদ্ধাৰ হয় এটি মৃত দেৱ শিশু ৷

লখিমপুৰ জিলাৰ নকাৰীৰ ৰাজপথত উদ্ধাৰ হয় এটি মৃত দেৱ শিশু

প্ৰথমে মৃত শিশুটিক কুকুৰে টানি অনা প্ৰত্যক্ষ কৰে ওচৰৰে একাংশ লোকে। লগে-লগে সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় হুলস্থুল পৰিৱেশৰ । স্থানীয় লোকে এই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় দণ্ডাধীশসহ আৰক্ষী ৷ কিন্তু বৰ্তমানলৈ মৃত শিশুটি ক'ৰ পৰা কুকুৰে টানি আনিলে এই সন্দৰ্ভত বৰ্তমানেও জানিব পৰা হোৱা নাই ।

অন্য এক খবৰৰ বাবে: প্লাষ্টিকৰ বিৰুদ্ধে সংগ্ৰাম কৰ্ণাটকৰ এগৰাকী অভিযন্তাৰ

একাংশ স্থানীয় লোকৰ সন্দেহ অনুসৰি, ওচৰত থকা ব্যক্তিগত হাস্পাতলৰ পৰা পেলাই দিয়া হৈছে নৱজাতকটিক। অবৈধ মাতৃত্বৰ কলংক মোচনৰ বাবে অবৈধ গৰ্ভপাত কৰি পেলাই দিয়া হৈছে শিশুটিক । আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

ABOUT THE AUTHOR

...view details