অসম

assam

ETV Bharat / state

লখিমপুৰত বিফল "অটল অমৃত যোজনা" - লখিমপুৰত বিফল "অটল অমৃত যোজনা"

লখিমপুৰ জিলাত সম্পূৰ্ণৰূপে বিফল ভাৰত চৰকাৰৰ বিশেষ আঁচনি অটল অমৃত যোজনা । বৰ্তমান পৰ্যন্ত জিলাখনৰ অসামৰিক চিকিৎসালয় বা ব্যক্তিগত চিকিৎসালয়ত নাই অটল অমৃত যোজনাৰ অধিনত থকা কোনো চিকিৎসা ব্যৱস্থা ৷

লখিমপুৰ
লখিমপুৰত বিফল "অটল অমৃত যোজনা"

By

Published : Feb 12, 2020, 10:40 PM IST

লখিমপুৰ, 12 ফেব্ৰুবাৰীঃ ভাৰতৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ লোকে জটিল ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সুবিধা লাভ কৰিছে সেই সময়ত অটল অমৃত যোজনাৰ কাৰ্ড লাভ কৰা সকল চিকিৎসাৰ পৰা বঞ্চিত হৈছে লখিমপুৰবাসী । বৰ্তমানলৈ লখিমপুৰ জিলাত ৮,১৩,৮৪১ টা পৰিয়ালক সামৰি লোৱা যোজনাৰ ৬,৪২২৮ পৰিয়ালৰ লোকেহে লাভ কৰিছে অটল অমৃতৰ কাৰ্ড । বৰ্তমানলৈ এই কাৰ্ডৰ জৰিয়তে লখিমপুৰ জিলাত ১৯৮৪ জন ৰোগীয়ে জিলাৰ বাহিৰত গৈ চিকিৎসাৰ ক্ষেত্ৰত লাভ কৰিছে সুবিধা । কাৰণলখিমপুৰ জিলা অসামৰিক চিকিৎসালয় অথবা ব্যক্তিগত চিকিৎসালয়ত নাই এই আঁচনিৰ অধীনত থকা ৰোগৰ কোনো চিকিৎসাৰ সুবিধা ।

লখিমপুৰত বিফল "অটল অমৃত যোজনা"

হিতাধিকাৰী সকলৰ হাতত অটল অমৃতৰ কাৰ্ড থাকিও ৰোগীসকল ঢপলিয়াব লগা হৈছে ডিব্ৰুগড়,গুৱাহাটীৰ, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অথবা অন্যান্য প্ৰান্তৰ থকা অটল অমৃত যোজনাৰ সুবিধা থকা ব্যক্তিগত চিকিৎসালয়লৈ। কাৰণ লখিমপুৰ জিলাত নাই ICUৰ পৰ্যাপ্ত সুবিধা,নাই প্ৰশিক্ষণ প্ৰাপ্ত চিকিৎসক ৷ আনহাতে,লখিমপুৰ অসামৰিক চিকিৎসালয় উন্নীত কৰা হৈছে চিকিৎসা মহাবিদ্যালয়লৈ ৷ যাৰ বাবে পূৰ্ণ গতিত কাম চলিছে ৮৩ খন বিছনা যুক্ত কৰ্কট ৰোগত চিকিৎসালয় ৷ এই চিকিৎসা মহাবিদ্যালয়ৰ আৰু কৰ্কট ৰোগৰ চিকিৎসালয় সম্পূৰ্ণ হৈ উঠিলে অনাগত দুবছৰৰ ভিতৰত অটল অমৃতৰ সকলো সুবিধা লাভ কৰিব ৰোগীয়ে ।

লখিমপুৰত বিফল "অটল অমৃত যোজনা"

উল্লেখ্য যে,বাৰিষাৰ সময়ত লখিমপুৰ জিলাত জটিল ৰূপ ধাৰণ কৰা জাপানী এনকেফেলাইটিছ ৰোগৰ চিকিৎসা,শিশু আৰু মাতৃৰ চিকিৎসাৰ বাহিৰে কোনো জটিল ৰোগৰ চিকিৎসা বৰ্তমানলৈ উপলব্ধ নহয় লখিমপুৰ অসামৰিক চিকিৎসালয়ত ৷ মুঠৰ ওপৰত অটল অমৃত যোজনাৰ জৰিয়তে কাৰ্ড লাভ কৰা সকলে লখিমপুৰ জিলাত লাভ কৰা নাই কোনো চিকিৎসাৰ সুবিধা ।

লখিমপুৰত বিফল "অটল অমৃত যোজনা"

আৰু পঢ়কঃ দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাইছে ধুবুৰীৰ প্ৰসিদ্ধই

ABOUT THE AUTHOR

...view details