লখিমপুৰ, 7 জুন : বাঁহেৰে পেঁপা বনাই চমক দিছে লখিমপুৰৰ সাংস্কৃতিক কৰ্মী অম্বিকা খনিকৰে । মহৰ শিঙৰ বিকল্প হিচাপে বাঁহেৰে পেঁপা নিৰ্মাণ কৰি তেওঁ খলকনি তুলিছে । তেওঁৰ এই প্ৰচেষ্টা ৰাজ্যজুৰি সমাদৃত হৈছে । এই সন্দৰ্ভত যোৱা দুই জুনত ইটিভি ভাৰতত এক প্ৰতিবেদন সম্প্ৰচাৰিত হৈছিল । প্ৰতিবেদন চাই ৰাইজে প্ৰশংসাৰে ওপচাই পেলাই শিল্পী গৰাকীক। এই প্ৰতিবেদন প্ৰত্যক্ষ কৰে লখিমপুৰৰ যুৱ বিধায়ক মানৱ ডেকাই । আপ্লুত হৈ বিধায়কজন মঙলবাৰে সন্ধিয়া শিল্পী গৰাকীৰ ঘৰত গৈ উপস্থিত হয়গৈ ।
মানৱ ডেকাই স্বচক্ষে শিল্পী গৰাকীৰ এই অভিনৱ সৃষ্টি প্ৰত্যক্ষ কৰে । শিল্পীজনে সৃষ্টি কৰা বাঁহৰ পেঁপাৰ সুৰীয়া মাত শুনি আপোন বিভোৰ হৈ পৰে বিধায়কজন । তেওঁ শিল্পীজনৰ এই সৃষ্টিৰ শলাগ লয় আৰু ইটিভিৰ সাংবাদিকৰ আগত কয় যে জীৱনটো সংস্কৃতিৰ হকে নিষ্ঠাৰে উৎসৰ্গা কৰা অম্বিকা খনিকৰৰ এই প্ৰচেষ্টা অতি সুন্দৰ । বাঁহৰ পেঁপা নিৰ্মাণত তেওঁ যি কাৰিকৰী কৌশল ব্যৱহাৰ কৰিছে সেইয়া শলাগ লবলগীয়া (Ambika Khanikar making pepa with bamboo)।