অসম

assam

ETV Bharat / state

Advocate turns Blacksmith : জীৱনৰ ছন্দ বিচাৰি কোৰ্টৰ মজিয়াৰ পৰা কমাৰশাললৈ এজন ব্যক্তিৰ পৰিক্ৰমা - উচ্চ ন্যায়ালয়ৰ মজিয়াৰ পৰা কমাৰ শাললৈ

এজন বিশেষ যুৱক ৷ কেইবছৰমানৰ আগত তেওঁ আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন সফল অধিবক্তা । এতিয়া তেওঁ আইনৰ পুথি পাঁজি সামৰি হাতত লোৰ হাতুৰী লৈ কমাৰ শালত জীৱন সংগ্ৰামত ব্ৰতী । লোৰ হাতুৰীৰে পিটি বিভিন্ন সামগ্ৰী সৃষ্টি কৰাৰ সমানে মিলাইছে জীৱনৰ ছন্দ । এই বিশেষ যুৱকজনৰ কাহিনীৰে আজিৰ এক বিশেষ প্ৰতিবেদন ।

Advocate turns Blacksmith
এজন অধিবক্তাৰ জীৱন পৰিক্ৰমা

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 4:46 PM IST

এজন অধিবক্তাৰ জীৱন পৰিক্ৰমা

লখিমপুৰ, ৭ ছেপ্টেম্বৰ :কেইবছৰমানৰ আগৰ কথা । হাতত আইনৰ পুথি পাঁজি লৈ লখিমপুৰৰ এজন যুৱকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া কঁপাইছিল । ন্যায়াধীশৰ সন্মুখত শক্তিশালী ৰূপত আইনগত যুক্তি দৰ্শাইছিল যুৱকজনে । পিচে সেয়া এতিয়া অতীত হ’ল । আইনৰ পুথি হাতৰ পৰা নমাই তেওঁ এতিয়া লোৰ হাতুৰী হাতত তুলি ল’লে ।

কমাৰ শালত তেওঁ হাতুৰীৰে ধাতৱ শব্দ সৃষ্টি কৰি জীৱনৰ ছন্দ মিলাইছে । চমকপ্ৰদ জীৱন পৰিক্ৰমাৰ এই যুৱক জন হ’ল লখিমপুৰৰ বিমল দে' । বিমল দে’ৰ পূৰ্ব পুৰুষৰ বৃত্তি আছিল কমাৰশাল । কমাৰশালত কাম কৰিয়েই পিতৃয়ে বিমলক মানুহ ৰূপে গঢ় দিলে । আইনৰ শিক্ষা লৈ বিমল নামিল ওকালতিত ।

গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁ ওকালতি কৰি সুনাম অর্জন কৰিছিল । বিমলৰ পৰিয়ালটোৱে তেওঁৰ সফলতাত আত্মহাৰা হৈ পৰিছিল ৷ পিচে দীর্ঘ স্থায়ী নহ’ল পৰিয়ালটোৰ এনে মধুৰ ক্ষণ । এটাৰ পাচত আনটোকৈ দুৰ্যোগ নামি আহিবলৈ ধৰিলে তেওঁৰ পৰিয়ালটোলৈ ।

এটা সময়ত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হ’ল বিমলৰ পিতৃৰ । পৰিয়ালটোৰ এনে দুৰ্যোগৰ বাবে বিমল ঘৰলৈ ঘূৰি আহিবলৈ বাধ্য হ’ল । পৰিয়ালটোৰ দায়িত্ব কান্ধ পাতি ল’লে বিমলে । লখিমপুৰৰ আদালতত ওকালতি কৰিও তেওঁ পৰিয়াল চলোৱাটো অসম্ভৱ হৈ পৰিল ৷ তাৰ পাচত এটা সিদ্ধান্ত ল’লে বিমলে ৷

আইনৰ পুথি পাজি সামৰি লখিমপুৰ নগৰৰ বালিকা বিদ্যালয় সংযোগী পথত পিতৃয়ে স্থাপন কৰা কমাৰ শালখনত মূৰ গুজি ল’লে বিমলে । হাতত তুলি ল’লে লোৰ হাতুৰী । কেৱল বিমলেই নহয়, আন দহ-বাৰটা পৰিয়ালকো তেওঁ সংস্থাপন দিলে কমাৰশালখনত ।

যোৱা ৮/৯ বছৰৰ পৰা বিমলে কমাৰশালখনত কাম কৰি আছে ৷ অৱশ্যে পুনৰ তেওঁ আইনৰ পুথি পাঁজি হাতত তুলি লোৱাৰ মন মেলিছে । আকৌ এবাৰ আদালতৰ মজিয়াত মাই লৰ্ড বুলি কোৱাৰ হেপাহকণ পুহি ৰাখিছে বিমলে । অহা ডেৰ-দুবছৰৰ ভিতৰত হাতত তুলি লোৱা লোৰ হাতুৰীডাল এৰি পুনৰ লখিমপুৰৰ আদালতত ওকালতি কৰাৰ আশা কৰিছে বিমল দে’ই ৷

লগতে পঢ়ক :Assam’s largest village : অসমৰ সৰ্ববৃহৎ গাঁওখনলৈ সৈতে চিনাকি হওঁ আহক

ABOUT THE AUTHOR

...view details