লখিমপুৰ, 8 মে' : লখিমপুৰ জিলাৰ বঙালমৰাৰ এখন গাঁৱত ক'ভিডত আক্ৰান্ত হ’ল বহু লোক । এখন বিয়াৰ বাবেই ক'ভিডৰ ব্যাপক গণ সংক্ৰমণ ঘটে গাঁওখনত ৷ ২ মে’ তাৰিখে অনুষ্ঠিত হৈছিল উক্ত বিবাহখন । চৰকাৰে বান্ধি দিয়া ১০০ লোকৰ পৰিৱৰ্তে বিয়াত উপস্থিত আছিল বহুসংখ্যক লোক ৷ ক'ভিডৰ নীতি নিয়ম উলংঘা কৰি বিয়াত সমবেত হৈছিল শ-শ লোক ।
লখিমপুৰ বঙালমৰাৰ কাঢ়িপুখুৰীৰ বিপুল নেওগ নামৰ লোক জনৰ ঘৰত ২ মে’ত অনুষ্ঠিত হৈছিল বিয়া । তেওঁৰ কন্যা কৃষ্ণা নেওগৰ বিবাহ হৈছিল লালুকৰ ভবেন মূদৈৰ সৈতে ৷ সেই বিয়াতেই উপস্থিত থকা গাঁওখনৰ ২২ জনকৈ লোকৰ দেহত এই মূহুৰ্তলৈকে ধৰা পৰিছে ক'ভিড-19 ৰ উপস্থিতি ৷