বিহপুৰীয়া, 20 মাৰ্চ :প্ৰতিদিনাই প্ৰতিবাদৰ গৰ্জনত কঁপিছে এতিয়া ৰাজ্য (Protest in Assam) ৷ এতিয়াও মাৰ যোৱা নাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰসংগ (AASU Protest against SEBA) ৷ ইয়াৰ মাজতে আকৌ একাংশ শিক্ষাৰ্থীয়ে প্ৰতিবাদ কৰিবলৈ আহি আৰক্ষীৰ ককৰ্থনাৰ সন্মুখীন হ’ব লগাত পৰিছিল ৷ তাৰ বিৰুদ্ধেও এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ নাৰায়ণপুৰৰ ধলপুৰত সোমবাৰে পুনৰ প্ৰতিবাদত বহিল জিলা ছাত্ৰ সন্থা ৷ প্ৰতিবাদকাৰীৰ দাবী, প্ৰতিবাদী শিক্ষাৰ্থীক হেয় প্ৰতিপন্ন কৰা ধলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজকুমাৰ পেগুক নিলম্বন কৰক চৰকাৰে ৷ অন্যথা অনাগত সময়ত আৰু অধিক জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব চৰকাৰৰ বিৰুদ্ধে ৷
উল্লেখ্য যে, মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ পিচতে সমগ্ৰ ৰাজ্যৰ লগতে শনিবাৰৰ দিনটোত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰতো ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এদল পৰীক্ষাৰ্থীয়ে ছেবা আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল (HSLC question paper leak) । তাৰে মাজৰ একাংশ প্ৰতিবাদকাৰী ছাত্ৰীক এজন আৰক্ষীয়ে (a+b)2 ৰ সূত্ৰটো সুধিছিল । যাৰ উত্তৰ দিব নোৱাৰাত একাংশ প্ৰতিবাদকাৰী ছাত্ৰীক আৰক্ষী বিষয়াগৰাকীয়ে ৰাজহুৱাকৈ গালি-শপনি পৰা বুলি অভিযোগ উত্থাপন হৈছিল ৷