অসম

assam

ETV Bharat / state

Sayed Sadyllah Recived Aai Asomi Award: যশস্বী গীতিকাৰ ছৈয়দ ছাদুল্লালৈ ছাত্ৰ সন্থাৰ আই অসমী বঁটা - Rongali Bihu celebration by Lakhimpur AASU

বিশিষ্ট অনাতাঁৰ শিল্পী ছৈয়দ ছাদুল্লালৈ ছাত্ৰ সন্থাৰ আই অসমী বঁটা ৷ লখিমপুৰ জিলা ছাত্ৰ সন্থাই শিল্পীগৰাকীলৈ আগবঢ়াইছে আই অসমী বঁটা ৷ বুধবাৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাই ছৈয়দ ছাদুল্লাক প্ৰদান কৰে এই বঁটা (Lakhimpur AASU presents Aai Asomi Award to Sayed Sadyllah) ৷

Sayed Sadyllah Recived Aai Asomi Award
বিশিষ্ট অনাতাঁৰ শিল্পী ছৈয়দ ছাদুল্লালৈ আই অসমী বঁটা

By

Published : Apr 20, 2023, 2:16 PM IST

ছৈয়দ ছাদুল্লালৈ ছাত্ৰ সন্থাৰ আই অসমী বঁটা

লখিমপুৰ, 20 এপ্ৰিল: লখিমপুৰ জিলা ছাত্ৰ সন্থাই তিনি দিনীয়াকৈ আয়োজন কৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বুধবাৰে নিশা সামৰণি পৰে ৷ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীৰে এই সন্মিলন সামৰণি পৰাৰ আগে আগে ছাত্ৰ সন্থাই বিশিষ্ট অনাতাঁৰ শিল্পী ছৈয়দ ছাদুল্লাক প্ৰদান কৰে আই অসমী বঁটা (Sayed Sadylla Recived Aai Asomi Award) ৷

বিশিষ্ট অনাতাঁৰ শিল্পী ছৈয়দ ছাদুল্লালৈ ছাত্ৰ সন্থাৰ আই অসমী বঁটা ৷ লখিমপুৰ জিলা ছাত্ৰ সন্থাই শিল্পীগৰাকীলৈ আগবঢ়াইছে আই অসমী বঁটা ৷ লখিমপুৰত আছুৰ লখিমপুৰ জিলা সমিতিয়ে আয়োজন কৰা আৰু বুধবাৰে নিশা সামৰণি পৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত এই বঁটা প্ৰদান কৰা হয় ৷ বিহু সন্মিলনৰ অন্তিম কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়াৰ পূৰ্বে লখিমপুৰ জিলা আছুৱে আই অসমী বঁটা প্ৰদান কৰে বিশিষ্ট অনাতাঁৰ শিল্পীগৰাকীক (AASU presents Aai Asomi Award to Sayed Sadullah) ৷

বিগত বৰ্ষত বিশিষ্ট ব্যক্তিলৈ এই সন্মান প্ৰদান কৰাৰ পাচত এইবাৰ বিশিষ্ট অনাতাঁৰ শিল্পী সু-কণ্ঠৰ অধিকাৰী চৈয়দ ছাদুল্লালৈ লখিমপুৰ জিলা ছাত্ৰ সন্থাই প্ৰদান কৰে এই বঁটা (Sayed Sadyllah Recived Aai Asomi Award) ৷ বুধবাৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাই বিহুবাকৰিত চৈয়দ ছাদুল্লাক প্ৰদান কৰে এই বঁটা ৷ লখিমপুৰ জিলা ছাত্ৰ সন্থাই তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ অন্তিম দিনা বিহু মঞ্চত শিল্পীগৰাকীক প্ৰদান কৰা এই বঁটা গ্ৰহণ কৰি অভিভূত হৈ পৰে শিল্পীগৰাকী (Rongali Bihu celebration by Lakhimpur AASU) ৷ তেওঁ এই বঁটা জীৱনৰ এক ছন্দ বুলি অভিহিত কৰে ৷ আছুৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰদান কৰা এই আই অসমী বঁটাত আছে স্মাৰক, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ, গামোচা আদিৰ লগতে নগদ ২৫ হেজাৰ টকা (Lakhimpur AASU presents Aai Asomi Award) ৷

লগতে পঢ়ক:Anganwadi Centres in Rangia: ৰঙিয়াত অসম্পূৰ্ণ অৱস্থাতে ৰ’ল ১০ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম

ABOUT THE AUTHOR

...view details