লখিমপুৰ,১১ ডিচেম্বৰ :কা' বিৰোধী আন্দোলনৰ তিনিটা বছৰ সম্পূৰ্ণ হ'ল (3 years of CAA protest)। আজিৰ দিনটোতে অৰ্থাৎ ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনা দেশৰ সংসদত বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনখন গৃহীত হৈছিল । কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ ওপৰত বলপূৰ্বকভাৱে এই আইন জাপি দিয়াৰ অভিযোগত ৰাজ্যত উত্তাল পৰিৱেশৰ সৃষ্টি হৈছিল । কা' বিৰোধী প্ৰতিবাদে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ।
ৰাজধানী চহৰ গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আছুকে ধৰি বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । যাৰ বাবে সমগ্ৰ অসমতে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছিল (CAA protest in Assam)। ১২ ডিচেম্বৰৰ দিনাও ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে প্ৰতিবাদ অব্যাহত আছিল । কা' বিৰোধী আন্দোলনত ৰাজ্যৰ ৬ গৰাকী লোক শ্বহীদ হৈছিল ।
সেই আন্দোলনৰ কথা আজিও পাহৰিব পৰা নাই ৰাজ্যবাসীয়ে । কা' আইনৰ বিৰোধিতা কৰি বিগত বছৰৰ দৰে এইবাৰো এইদিনটো ৰাজ্যজুৰি আছু আৰু উত্তৰ-পূৱ ছাত্ৰ সংগঠন চমুকৈ নেছ'য়ে ক'লা দিৱস হিচাপে পালন কৰিছে (AASU observed Black day on Dec 11)। ৰাজ্যৰ ভিন্ন প্ৰান্তত আছুৱে ক'লা পতাকা উৰুৱাইছে । আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলিও জনাইছে আছুৱে । আনহাতে পুনৰ এবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ।