লখিমপুৰ, ৫ মাৰ্চ : লখিমপুৰ জিলাৰ সমীপৰ আজাদত থকা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে শিক্ষক প্ৰশিক্ষক সন্থাৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিৱেশন ৷ তিনিদিনীয়াকৈ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’ব এই অধিৱেশন (All Assam Primary Teacher Trainers Association) ৷ দেওবাৰে এই অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় ৷
লখিমপুৰ নগৰৰ সমীপৰ আজাদৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত হ’ব এই অধিৱেশন ৷ সদৌ অসম প্ৰাথমিক শিক্ষক প্ৰশিক্ষক সন্থাৰ সপ্তদশ দ্বি বাৰ্ষিক অধিৱেশন অহা ১৭ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৷
অনুষ্ঠিত হ’বলগীয়া এই শিক্ষক প্ৰশিক্ষক সন্থাৰ সপ্তদশ দ্বি বাৰ্ষিক অধিৱেশন অনুষ্ঠানৰ বাবে দেওবাৰে আয়তীৰ উৰুলি, গায়ন, বায়ন আদি মংগল ধ্বনিৰে লাইখুঁটা স্থাপন কৰা হয় (lai khuta laid of Primary Teacher Association) । লাইখুঁটা স্থাপন কৰে সাংবাদিক কুমুদ বৰুৱাই । এই উপলক্ষে এখন সভাৰো আয়োজন কৰা হয় । সভাত লাইখুঁটা স্থাপক, আদৰণি সমিতিৰ সভাপতি চৰণ কুমাৰ দৈমাৰী, কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈ, সাধাৰণ সম্পাদক বিপুল বৰা আদি বিভিন্নজনে ভাষণ দি অধিৱেশনখনৰ সফলতা কামনা কৰাৰ লগতে সকলোকে অকুন্ঠচিতে সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায় ৷