অসম

assam

ETV Bharat / state

Labour Signature Campaign: সমস্যা সমাধান নকৰিলে লোকসভা নিৰ্বাচনত চৰকাৰক প্ৰত্যুত্তৰ দিব আটছাই - লোকসভা নিৰ্বাচনত চৰকাৰক প্ৰত্যুত্তৰ দিব আটছাই

চাহ জনগোষ্ঠীৰ লোক সকলক প্ৰতিখন চৰকাৰে বঞ্চনা কৰি আহিছে । শেহতীয়াকৈ বিজেপি চৰকাৰেও জনগোষ্ঠীটোক বঞ্চনা কৰিলে । লোকসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ মূল সমস্যা সমূহ সমাধান নকৰিলে উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে আটছাৰ নেতৃত্বই ।

Labour Signature Campaign
সদৌ অসম চাহ জনজাতি ছাত্র সন্থা

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 6:43 PM IST

সদৌ অসম চাহ জনজাতি ছাত্র সন্থা

লখিমপুৰ, ৮ নৱেম্বৰঃ"অমৃত কলহ যাত্রাত অংশগ্রহণ কৰিব নোৱাৰিলে অসমৰ চাহ জনগোষ্ঠীৰ লোক সকলে। কোনোখন চৰকাৰে জনগোষ্ঠীটোক নিদিলে মাটিৰ পট্টা । দেশৰ জনতাই অমৃত কলহ যাত্রাত অংশগ্রহণ কৰি ভাৰতীয় হিচাপে গৌৰৱাম্বিত হ'ল । কিন্তু এনে গৌৰৱৰ পৰা, এনে আনন্দৰ পৰা বঞ্চিত হ'ল অসমৰ চাহ জনগোষ্ঠীৰ লোক সকল । কিয়নো অমৃত কলহ যাত্রাত অংশগ্রহণ কৰি মাটি দান কৰিবলৈ তেওঁলোকৰ মাটিয়েই নাই ।" এই মন্তব্য সদৌ অসম চাহ জনজাতি ছাত্র সন্থা (আটছা)ৰ কেন্দ্রীয় কাৰ্যনিৰ্বাহক সদস্য বাবুল পাইকৰ । বুধবাৰে লখিমপুৰ নগৰৰ সমীপৰ কয়লামাৰী চাহ বাগিচাত সদৌ অসম চাহ জনজাতি মহিলা সমিতিয়ে আয়োজন কৰা শ্ৰমিক স্বাক্ষৰ অভিযানৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি তেওঁ এইদৰে ক্ষোভ প্ৰকাশ কৰে ।

তেওঁ পুনৰ কয় যে চাহ শ্ৰমিক সকলে বাস কৰা ঘৰ সমূহো তেওঁলোকৰ নামত নাই । মাটি অথবা ঘৰ একোৱেই নিজৰ নামত নথকাকৈ চাহ জনগোষ্ঠীৰ লোক সকলে বিৰম্বনাৰে পুৰুষানুক্ৰমে জীৱন কটাব লগীয়া হৈছে । তেওঁলোকক প্ৰতিখন চৰকাৰে প্ৰলোভন দি প্ৰতাৰণা কৰি আহিছে । চাহ উদ্যোগৰ জৰিয়তে দেশক বিশ্বৰ আগত চিনাকি কৰি দিয়া এই উদ্যোগৰ লগত জড়িত শ্ৰমিক সকলক চৰকাৰে আজিও উপযুক্ত মৰ্যাদা নিদিলে । সেয়ে এই দাবী পূৰণৰ হকে চাহ জনজাতি মহিলা সমিতিৰ উদ্যোগত সমগ্র ৰাজ্যত শ্ৰমিক স্বাক্ষৰ সংগ্ৰহ কৰি মুখ্যমন্ত্রীৰ জৰিয়তে প্ৰধানমন্ত্ৰী লৈ প্ৰেৰণৰ ব্যবস্থা কৰা হৈছে বুলি তেওঁ কয় ।

এই অনুষ্ঠানটোত অংশগ্রহণ কৰি আটছাৰ কেন্দ্রীয় সমতিৰ সহকাৰী সম্পাদক সুনীল তিৰ্কীয়ে কয় যে প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিটো নিৰ্বাচনৰ আগত চাহ জনগোষ্ঠীৰ লোক সকলক জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি,মাটিৰ পট্টা দিয়া আদি প্ৰতিশ্ৰুতি দি নিৰ্বাচনৰ পাছত পিঠি দিয়ে । বিগত নিৰ্বাচনৰ পূৰ্বে বিজেপি দলক চাহ জনগোষ্ঠীৰ লোকে বহু বিশ্বাস কৰিছিল যদিও বিজেপিয়েও প্ৰতাৰণা কৰিলে । চাহ শ্ৰমিকৰ সামান্য মজুৰি বৃদ্ধি কৰি বিজেপি চৰকাৰে বহুত বেছি কিবা কৰাৰ ঢাক-ঢোল কোবাইছে । সামান্য মজুৰি বঢ়াই বয় বস্তুৰ মূল্যবৃদ্ধি কৰি চাহ শ্ৰমিক সকলক যাতনা ভোগ কৰাইছে । চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিয়ে চাহ জনগোষ্ঠীৰ লোকক স্পৰ্শ কৰিব নোৱাৰিলে বুলি অভিযোগ তুলি তেওঁ চাহ জনগোষ্ঠীৰ লোক সকল থকা মাটিত ভবিষ্যতে চৰকাৰে উদ্যোগ আদি গঢি তুলিব পাৰে বুলি আশংকা প্রকাশ কৰে । তেওঁ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ লোক সকলৰ মূল সমস্যা সমূহ সমাধান নকৰিলে উচিত ব্যবস্থা লোৱা হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে ।

আটছাৰ কেন্দ্রীয় উপ-সভাপতি অৰূপ বৰাইকেও চৰকাৰে চাহ জনগোষ্ঠীক লৈ কৰা আচৰণক গৰিহণা দি কয় যে চাহ জনগোষ্ঠীৰ লোকসকল চৰকাৰৰ বঞ্চনাৰ বলি হৈ আহিছে । এতিয়াও সময় আছে বুলি উল্লেখ কৰি তেওঁ লোকসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ সমস্যা সমূহ সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় । অন্যথা চাহ জনগোষ্ঠীৰ লোকে লোকসভা নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলি তেওঁ সকীয়াই দিয়ে ।

উল্লেখ্য যে চাহ জনজাতি মহিলা সমিতিয়ে জিলাখনৰ প্ৰতিখন বাগিচাতে শ্ৰমিক স্বাক্ষৰ সংগ্রহ অভিযান চলোৱাৰ লক্ষ্যৰে আজি কয়লামাৰী বাগিচাত অভিযান আৰম্ভ কৰে । আৰম্ভণি অনুষ্ঠানটোত আটছাৰ কেন্দ্রীয় নেতৃত্বৰ লগতে জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল গোৱালা,সম্পাদক সুমিত বাদীৰ লগতে মহিলা সমিতিৰ কেন্দ্রীয় যুটীয়া সম্পাদিকা সুকন্যা সোণা, সাংস্কৃতিক সম্পাদিকা বিপ্লবীকা কুৰ্মী,কাৰ্যনিৰ্বাহক সুৰেখা তাঁতী, লখিমপুৰ জিলা সমিতিৰ সম্পাদিকা আলমণি বাউৰী আদিয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক:MLA Atul Bora : শংকৰদেৱ সংঘৰ অনুষ্ঠানত আজমলক দেখি জাতীয়তাবাদ জাগি উঠিল বিধায়ক অতুল বৰাৰ

ABOUT THE AUTHOR

...view details