অসম

assam

ETV Bharat / state

NHPC ৰ প্ৰকল্পত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু - Labour died in NHPC project of Gerukamukh

গেৰুকামুখত নিৰ্মীয়মাণ অৱস্থাত থকা 2000 মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ সংঘটিত হ’ল অঘটন ৷ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ল এজন শ্ৰমিকৰ (Labour died in NHPC project at Gerukamukh)৷

Labour dead at NHPC Gerukamukh project
NHPCৰ প্ৰকল্পত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু

By

Published : Aug 22, 2022, 7:57 PM IST

লখিমপুৰ, 22 আগষ্ট: এটা দশকৰো অধিক কাল বিতৰ্কৰ আৱৰ্তত সোমাই আছে এন এইচ পি চিয়ে গেৰুকামুখত নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (Lower Subansiri Hydroelectric Power Project)। প্ৰকল্পটোৱে অদূৰ ভৱিষ্যতে উত্তৰ অসমক বিধ্বস্ত কৰাৰ আশংকাৰে বিভিন্ন দল-সংগঠনে কৰা দশকজোৰা প্ৰতিবাদৰ বিপৰীতে চৰকাৰে প্ৰকল্পটো নিৰ্মাণকাৰ্য সম্পূর্ণ কৰাৰ প্ৰস্তুতিয়ে এক সংঘাতময় পৰিৱেশৰ সৃষ্টি কৰিছে (Protest against NHPC project)।

শেহতীয়াকৈ এনে বিতৰ্কৰ সমানে বিভিন্ন সময়ত শ্ৰমিকৰ মৃত্যুৰ ঘটনাই প্ৰকল্পটোক চৰ্চাৰ শীৰ্ষত ৰাখিছে । যোৱা ১৪ আগষ্টত গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ দুজনকৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ পাছত সোমবাৰে পুনৰ এজন শ্ৰমিকৰ মৃত্যু ঘটিছে (Accident at NHPC project)। NHPC ৰ SOMA কোম্পানীত সংঘটিত হয় সোমবাৰৰ অঘটনটো ৷ SOMA কোম্পানীৰ ২ নং ব্লকত কৰ্মৰত এজন শ্ৰমিক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে । নিহত শ্ৰমিকজন তৰাজান চাপৰিৰ ৰাজেন শইকীয়া বুলি জানিবপৰা গৈছে (Labour died at NHPC Gerukamukh project)।

কেনেকৈ কি পৰিস্থিতিত শ্ৰমিকজন বিদ্যুৎস্পৃষ্ট হ’বলগীয়া হ’ল সেয়া বৰ্তমানো পোহৰলৈ অহা নাই । প্ৰকল্পটোত এনেদৰে এজনৰ পাছত আন এজনকৈ শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক:উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নামানে FCI ৰ নগাঁৱৰ দুই ঠিকাদাৰে

ABOUT THE AUTHOR

...view details