লখিমপুৰ, ২ ডিচেম্বৰ :নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে লখিমপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট(Krishak Mukti Sangram Samiti protest) কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি চৰকাৰক শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ দাবী উত্থাপন কৰে ।
প্ৰতিবাদকাৰীসকলে লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰি পেট্ৰ’ল-ডিজেলকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য শীঘ্ৰে হ্ৰাস নকৰিলে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক শান্তিৰে থাকিবলৈ নিদিয়াৰ হুংকাৰ দিয়ে । তেওঁলোকে লগতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ দিন ধৰি অসমত অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ কৰে ৷ তেওঁলোকে সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে বেহা-বেপাৰ সকলো বৃহৎ পুঁজিপতিক গতাই দি মূল্যবৃদ্ধিত অৰিহণা যোগোৱা বুলি ক্ষোভ প্ৰকাশ কৰে ৷