অসম

assam

অবিভক্ত গোৱালপাৰাক লৈ গঠিত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ মানি নলয় কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে

By

Published : Dec 22, 2019, 8:42 PM IST

অবিভক্ত গোৱালপাৰা জিলাতেই দেশী জনগোষ্ঠীয় লোক সকলৰ মূল বসতি । ইয়াত কোচৰাজবংশী সকলৰ বসতি যিমান তাতকৈ দেশী জনগোষ্ঠীৰ বসতি অধিক। লগতে এনে ক্ষেত্ৰত দেশী জনগোষ্ঠীৰ বাবে স্বায়ত্ব শাসিত পৰিষদ দিয়াটো চৰকাৰৰ আপত্তি ক’ত বুলি প্ৰশ্ন উত্থাপন কৰে দেশী জনগোষ্ঠীয় সংসদৰ সভাপতি এ এ এম এনামূল হকে ।

সংবাদ মেল
সংবাদ মেল

গুৱাহাটী, 22 ডিচেম্বৰ:গণতান্ত্ৰিক প্ৰতিবাদৰ ফলত ৰাজ্য চৰকাৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিব । যাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জনায় কোচ ৰাজবংশী জাতীয় মহাসভাই । দেওবাৰে দিচপুৰ প্ৰেছ ক্লাবতএখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে চৰকাৰৰ কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰে । ইয়াৰোপৰি কমতাপুৰ স্বায়ত্ব শাসিত এলেকাত কোচ ৰাজবংশী সকলৰ কৃষ্টি, সংস্কৃতি,ভাষা আদি সংৰক্ষণ কৰি ৰাখিব পৰাকৈ প্ৰকল্প নিৰ্মাণ কৰাৰ লগতে বিশ্ববিদ্যালয়,অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ দাবী জনায় । এই সংবাদমেলত "CAA" ক লৈও চৰকাৰৰ ওপৰত প্ৰশ্ন কৰে আক্ৰাছুৱে ।

গুৱাহাটী সংবাদ মেল

সমান্তৰালকৈ শনিবাৰে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদেও ধুবুৰীতএখন সংবাদমেলৰ আয়োজন কৰি চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনায় ৷ আনহাতে কিছু সংখ্যক কোচ ৰাজবংশীৰ বাবে যদি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন হয় তেন্তে দেশী জনগোষ্ঠীয় লোক সকলৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে । অবিভক্ত গোৱালপাৰা জিলাতেই দেশী জনগোষ্ঠীয় লোক সকলৰ মূল বসতি । ইয়াত কোচৰাজবংশী সকলৰ বসতি যিমান তাতকৈ দেশী জনগোষ্ঠীৰ বসতি অধিক। লগতে এনে ক্ষেত্ৰত দেশী জনগোষ্ঠীৰ বাবে স্বায়ত্ব শাসিত পৰিষদ দিয়াটো চৰকাৰৰ আপত্তি কত বুলি প্ৰশ্ন উত্থাপন কৰে দেশী জনগোষ্ঠীয় সংসদৰ সভাপতি এ এ এম এনামূল হকে ।

ধুবুৰী সংবাদ মেল

নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ লগতে সমগ্ৰ দেশত প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তে সৰ্বানন্দ চৰকাৰে কোনো ধৰণৰ তদন্ত নকৰাকৈ কোচৰাজবংশী সকলৰ বাবে অবিভক্ত গোৱালপাৰা জিলাক স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ ফলত নামনি অসমত নতুনকৈ সংঘাতময় বাতাৱৰণৰ সৃষ্টি হব পাৰে বুলি আশংকা প্ৰকাশ কৰে সভাপতি এ এ এম এনামূল হকে।

নাৰায়নপুৰ সংবাদ মেল

আনহাতে নাৰায়ণপুৰত সংবাদমেল সম্বোধন কৰি সমগ্ৰ অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক সামৰি উপগ্ৰহীয় পদ্ধতিৰে স্বায়ত্ত্বশাসিত পৰিষদ প্ৰদানৰ দাবী জনায় সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে ৷ কেৱল অবিভক্ত গোৱালপাৰাক লৈ গঠিত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ মানি নলয় বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই ৷

ABOUT THE AUTHOR

...view details