অসম

assam

ETV Bharat / state

লখিমপুৰত পুনৰ জ্বলিল অৰুণাচলৰ মুখ্যমন্ত্রীৰ পুত্তলিকা - KMss stages protest for release of graffiti artist Neelim Mahanta

শিল্পী নীলিম মহন্তৰ গ্ৰেপ্তাৰৰ পাছতেই উত্তপ্ত হৈ পৰিছে লখিমপুৰৰ পৰিস্থিতি । সোমবাৰে অৰুণাচলৰ মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ কৰি কেইবাটাও সংগঠনে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আজিও বহুকেইটা সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ লখিমপুৰৰ বান্দৰদেৱাত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ প্ৰতিকৃতি দাহ একাধিক সংগঠনৰ ।

protest against arunachal cm
লখিমপুৰত পুনৰ জ্বলিল অৰুণাচলৰ মূখ্যমন্ত্রীৰ পুত্তলিকা

By

Published : Mar 29, 2022, 5:16 PM IST

Updated : Mar 30, 2022, 6:22 AM IST

লখিমপুৰ, ২৯ মাৰ্চ : চিত্ৰশিল্পী নীলিম মহন্তক অতি শীঘ্ৰে মুক্তিৰ দাবীত অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বান্দৰদেৱাত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে একাধিক সংগঠনে । কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতি আৰু কেন্দ্ৰীয় নেতৃত্বৰ সহযোগত প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

নীলিম মহন্তক শীঘ্ৰে বিনা চৰ্তে মুক্তিৰ দাবি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (KMSS protest in Lakhimpur) । অন্যথা অৰুণাচলৰ সকলো প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে । উল্লেখ্য যোৱা দুদিন পূৰ্বে লখিমপুৰ আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নীলিম মহন্তক । অৰুণাচল প্ৰদেশৰ সচিবালয়ৰ দেৱালত NO MORE DAMS বুলি চিত্ৰাংকন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিচিল নীলিমক (Graffiti artist Neelim Mahanta arrested)।

লখিমপুৰত পুনৰ জ্বলিল অৰুণাচলৰ মুখ্যমন্ত্রীৰ পুত্তলিকা

অৰুণাচলৰ ঐতিহ্যৰ গৰিমাত আঘাত হনাৰ বাবেই গ্ৰেপ্তাৰ কৰিছিল নীলিম মহন্তক । ইতিমধ্যে দুদিনৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে শিল্পী গৰাকীক । তেওঁৰ হৈ বিনামুলীয়াকৈ আইনী সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে সদৌ অসম উকীল সন্থাই । সোমবাৰে প্ৰতিবাদ কাৰী সংগঠন কেইটাই অতি শীঘ্ৰে নীলিম মহন্তক মুকলি কৰি নিদিলে অৰুণাচলৰ প্ৰৱেশ দুৱাৰ সমূহ বন্ধ কৰি দিয়াৰ লগতে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক:বালিমাহী কবি ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীক পদ্মশ্ৰী সন্মান প্ৰদান

Last Updated : Mar 30, 2022, 6:22 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details