অসম

assam

By

Published : Jul 6, 2020, 7:48 PM IST

ETV Bharat / state

ভূমি নীতি অধ্যাদেশৰ বিৰোধিতাৰে লখিমপুৰত কৃষক মুক্তিৰ প্ৰতিবাদ

ভূমি নীতি অধ্যাদেশ জাৰিৰ সিদ্ধান্তই তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য । অব্যাহত আছে এই অধ্যাদেশ বিৰোধী প্ৰতিবাদ । সোমবাৰে লখিমপুৰতো এই নীতিৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

kmss protest in lakhimpur against land law
kmss protest in lakhimpur against land law

নাওবৈচা, 6 জুলাইঃ শেহীয়াকৈ অসম চৰকাৰৰ কেবিনেটে লোৱা ভূমি নীতি অধ্যাদেশ জাৰিৰ সিদ্ধান্তই তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য । কেবিনেটৰ এই সিদ্ধান্তৰ পিচতেই CAA বিৰোধী প্ৰতিবাদৰ প্ৰায় অনুৰূপভাৱেই ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে এক ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে । সোমবাৰে লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ভূমি নীতিৰ বিৰুদ্ধে তিনি ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে । এই ভূমি নীতিয়ে অসমতে অসমীয়াৰ অস্তিত্ব সংকটাপন্ন কৰিব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে । অসমৰ কৃষকৰ কৃষিভূমি নাইকিয়া কৰাৰ লগতে শ্ৰমজীৱী লোকৰ মৰ্যদাও নোহোৱা হ'ব বুলি কয় কৃষক নেতা লেলিন বৰবৰাই ।

লখিমপুৰত কৃষক মুক্তিৰ প্ৰতিবাদ

কৃষক নেতা গৰাকীয়ে এই আইনক অবাঞ্চনীয় বুলি অভিহিত কৰি এই আইন কেতিয়াও মানি লোৱা নহ'ব বুলি উল্লেখ কৰে । ইয়াৰোপৰি অসম চৰকাৰে ৰাজ্যখনৰ ভিন্ন স্থানত কৰি থকা যেনে আমচাঙৰ উচ্ছেদ, কয়লা খনন ইত্যাদি কামবোৰ চৰকাৰে অমানৱীয়ভাৱে কৰি গৈছে বুলিও উল্লেখ কৰে কৃষক নেতা গৰাকীয়ে । এনে সকলো কামৰ বিৰুদ্ধে লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ গৰিহণা দিয়ে । ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ লগত জড়িত হৈ থকা কৃষক নেতা অখিল গগৈৰ লগতে, তেওঁৰ সৈতে কাৰাবন্দী হৈ থকা আন আন লোককো বিনা চৰ্তে মুকলি কৰি দিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ।

উল্লেখ্য যে, এই ভূমি নীতিক খীলঞ্জীয়া বিৰোধী আখ্যা দিছে বহু দল-সংগঠন তথা ৰাজনৈতিক দলৰ নেতাই । প্ৰথমে নাগৰিকত্ব সংশোধনী আইন আৰু তাৰ পিচত এই ভূমি নীতিয়ে অসমতে অসমীয়াৰ অস্তিত্ব বিপন্ন কৰিব বুলি শংকা প্ৰকাশ কৰিছে ভিন্নজনে । কিন্তু শেহতীয়াকৈ জনতা ভৱনত হোৱা এক সংবাদমেলত এই ভূমি নীতিয়ে অসমৰ খীলঞ্জীয়াক বিপদাপন্ন নকৰে বুলি, স্পষ্টীকৰণ দিছিল ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

লগতে পঢ়কঃকৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল ধুবুৰী

ABOUT THE AUTHOR

...view details