অসম

assam

ETV Bharat / state

নাৰায়ণপুৰত EIA বাতিলৰ দাবীত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট - কৃষক সংহতি দিৱস

বুধবাৰে কৃষক সংহতি দিৱস উপলক্ষে নাৰায়ণপুৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ শীঘ্ৰেই কৃষি আইন আৰু EIA বাতিলৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

kmss protest for EIA cancel in narayanpur
নাৰায়ণপুৰত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট

By

Published : Dec 2, 2020, 2:00 PM IST

বিহপুৰীয়া,2 ডিচেম্বৰ : ৰাজ্যজোৰা কৃষক সংহতি দিৱস উপলক্ষে বুধবাৰে লখিমপুৰৰ নাৰায়ণপুৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত শ্বহীদ বেদীৰ সন্মুখত সংগঠন দুটাৰ অৰ্ধ শতাধিক সদস্যই প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰেই কৃষি আইন আৰু EIA বাতিলৰ দাবী জনায় ৷

নাৰায়ণপুৰত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট

প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত ৰাইজৰ দলেও সহযোগিতা আগবঢ়ায় । কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক বিতুপন হাতীবৰুৱা, জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা শোভেশ্বৰ চাংমাই, মুনীন্দ্ৰ বৰুৱা, দেবানন্দ বৰুৱা, ভৈৰৱপ্ৰাণ গগৈৰ লগতে অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক অনুপজ্যোতি শইকীয়াকে ধৰি বহুকেইগৰাকী নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :হোজাইত মৌলানাৰ দ্বাৰা ৰাজপথত প্ৰহৃত দুই যুৱতী, ভিডিঅ' ভাইৰেল

ABOUT THE AUTHOR

...view details