লখিমপুৰ, 5 মে’ :মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ(KMSS Protest against price hike) ৷ বৃহস্পতিবাৰে ৰাজপথলৈ সদলবলে ওলাই আহি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৰ সদস্যসকলে এক প্ৰতিবাদী সমদল বাহিৰ কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে ৷
প্ৰতিবাদকাৰীসকলে খাদ্য সামগ্ৰী, ঔষধ, ইন্ধনজাত সামগ্ৰী, নিৰ্মাণ সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰীৰ বৰ্ধিত মূল্য হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনায় ৷ সংগঠনটোৰ সদস্যসকলে প্ৰতিবাদী সমদল বাহিৰ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ দলটোৱে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে মুখ্যমন্ত্ৰী অথবা চৰকাৰক শান্তিত থাকিবলৈ দিয়া নহ’ব বুলিও একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে ৷