লখিমপুৰ, ১০ ডিচেম্বৰ:লখিমপুৰত আজি সমষ্টি ভিত্তিত খেল মহাৰণ আৰম্ভ কৰিলে বিধায়ক মানৱ ডেকাই । ৰাজ্য চৰকাৰে ক্ৰীড়া, সাংস্কৃতিক আদি দিশত প্ৰথমবাৰৰ বাবে গ্রহণ কৰিছে বিভিন্ন অভিলাষী আচনি । ক্ৰীড়া, সাংস্কৃতিক ক্ষেত্রৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে গ্রহণ কৰা এনে আচনি সমূহে নিতৌ ৰাজ্যখনক ৰজনজনাই ৰাখিছে । ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো চলিছে ক্ৰীড়া আৰু সাংস্কৃতিক মহাৰণ । গাঁও, পঞ্চায়ত আদিৰ পৰা বৰ্তমান সমষ্টি ভিত্তিত আৰম্ভ হৈছে এনে প্ৰতিযোগিতা সমূহ।
দেওবাৰে খেল মহাৰণৰ সমষ্টি ভিত্তিত প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে । লখিমপুৰ নগৰৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত লখিমপুৰ সমষ্টি ভিত্তিত খেল প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিধায়ক মানৱ ডেকাই । নগৰৰ সমীপৰ কোৱৰগাঁও খেলপথাৰত খো-খো আৰু কাবাডী প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ'ব । আনহাতে, লখিমপুৰ কলেজৰ আন্তঃৰাষ্ট্ৰীয় মানৰ খেলপথাৰত এথলেটিক প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ'ব ।