লখিমপুৰ , 7 ফেব্ৰুৱাৰীঃশুকুৰবাৰে লখিমপুৰত বৌদ্ধ ধৰ্মালম্বী লোক সকলে পালন কৰিলেধৰ্মীয় উৎসৱ মাই কুছুম ফাই ৷ মাঘ মাহৰ পূৰ্ণিমাৰ দিনা সমগ্ৰ বিশ্বৰে বৌদ্ধ ধৰ্মালম্বী লোকসকলে পালন কৰে তেঁওলোকৰ ধৰ্মীয় উৎসৱ মাই কুছুম ফাই ৷ ভগৱান বুদ্ধৰ আশীষ বিচাৰি ভূটান, ভিয়েটনাম, লাওচ আদি দেশৰ লগতে বিশ্বৰ সকলো প্ৰান্ততে বসবাস কৰা বৌদ্ধ ধৰ্মালম্বী লোকসকলে পালন কৰে এই পৰম্পৰাগত উৎসৱটি ৷ বিগত বৰ্ষ সমূহৰ দৰে লখিমপুৰ জিলাৰ বৌদ্ধ ধৰ্মাৱলম্বী লোক সকলেও পালন কৰিলে উৎসৱটি ৷ উৎসৱৰ বাবে জিলাখনৰ বৌদ্ধ ধৰ্মালম্বীসকলে সাজি উলিয়াইছে মেজি ৷ উল্লেখযোগ্য যে , মাই কুচুম ফাই শব্দটোৰ অৰ্থই হৈছে মেজি ৷ শনিবাৰে পুৱা অৰ্থাৎ পুৰ্ণিমাৰ দিনটোত জ্বলোৱা হ'ব মেজি ৷ আনহাতে অসমীয়া পৰম্পৰাৰ দৰে খাম্তি সকলেও শুকুৰবাৰে মেজিৰ তলত একত্ৰিত হৈ ভোজ-ভাত গ্ৰহণেৰে পালন কৰিলে পৰম্পৰাগত উৎসৱটি ৷
খাম্তি জনগোষ্ঠীৰ মাই কুছুমফাই উৎসৱ উদযাপন
লখিমপুৰত উদযাপন বৌদ্ধ ধৰ্মালম্বী লোক সকলৰ ধৰ্মীয় উৎসৱ মাই কুছুম ফাই উৎসৱ ৷ শনিবাৰে পুৱা অৰ্থাৎ পুৰ্ণিমাৰ দিনটোত জ্বলোৱা হ'ব মেজি ৷
খাম্তি জনগোষ্ঠীৰ মাই কুছুমফাই উৎসৱ উদযাপন
TAGGED:
মাই কুছুম ফাই