লখিমপুৰ, 28 ছেপ্টেম্বৰ :ধেমাজি-লখিমপুৰত ৰঙা খয়েৰৰ ক’লা ব্যৱসায়ীৰ দপদপনি । সোৱণশিৰিৰ বুকুৰে সৰবৰাহ হৈছে লাখ টকীয়া খয়েৰ গছ । তথ্য অনুসৰি, লখিমপুৰ আৰু ধেমাজিত খয়েৰ গছৰ চোৰাং বেহা চলি আছে । গোপনে গছ কাটি সোৱণশিৰিৰ বুকুৰে সৰবৰাহ কৰিছে কোনো দুষ্ট চক্ৰই । বন বিভাগৰ নাকৰ তলেৰেই নিতৌ সৰবৰাহ লাখ-লাখ মূল্যৰ ৰঙা খয়েৰ । এই অভিযোগ লখিমপুৰৰ বহু দল-সংগঠনৰ লগতে সচেতন যুৱকৰ ৷
অভিযোগ অনুসৰি, কাঠ সৰবৰাহকাৰীয়ে দিনে-নিশাই সোৱণশিৰি নদীয়েদি সৰবৰাহ কৰিছে মূল্যৱান ৰঙা খয়েৰ গছৰ কুণ্ডা । সোৱণশিৰি নৈ পৰীয়া এলেকাৰ ভূমি সংৰক্ষণ বিভাগৰ বননিৰ পৰা চলিছে এনে অবৈধ বেহা । সোৱণশিৰিৰ বুকুৰে ৰঙা খয়েৰ নাৱৰে সৰবৰাহ কৰা দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে । প্ৰায় এক ফুট দীঘল কৈ মেছিনেৰে কাটি নাৱেৰে সৰবৰাহ কৰি ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে কাঠৰ চোৰাং বেপাৰীয়ে ।
এই চক্ৰটোৰ সৈতে বন বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীয়ে গোপন মিতিৰালি ৰখাৰ অভিযোগ তুলিছে ৰাইজে । লখিমপুৰ, ধেমাজি জিলাৰ সীমামূৰীয়া ভূমি সংৰক্ষণ বিভাগৰ অন্তৰ্গত সোৱণশিৰি সংৰক্ষিত বনাঞ্চল এলেকাত একাংশ কাঠৰ চোৰাং সৰবৰাহকাৰীয়ে বনাঞ্চলত থকা ৰঙা খয়েৰৰ ক’লা ব্যৱসায় চলাই অহাৰ সমান্তৰালকৈ শিশু, শিঙৰী, গমাৰি, হলখ আদি মূল্যবান গছো কাটি ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে ।