লখিমপুৰ, 22 জুন: লখিমপুৰ সদৰ থানাত তদন্ত চিবিআই দলৰ ৷ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত চলাবলৈ আহি মঙলবাৰে সন্ধিয়াৰ পৰা লখিমপুৰৰ আৱৰ্ত ভৱনত বাহৰ পাতি থকা চিবিআইৰ দলটোৱে বৃহস্পতিবাৰে পুৱা লখিমপুৰ সদৰ থানাত উপস্থিত হয় ৷ সদৰ থানাত উপস্থিত হ’লেও চিবিআইৰ দলে কোনো আৰক্ষী বিষয়াক জেৰা কৰা নাছিল বুলি জানিব পৰা গৈছে ৷ দলটোৱে সদৰ থানাৰ কিছু নথি-পত্ৰ পৰীক্ষা কৰে ৷ সদৰ থানাত চিবিআইৰ এই অভিযানৰ বিষয়ে বিশেষ একো তথ্য প্ৰকাশ নহ’লেও এক গোচৰৰ নথি-পত্ৰ পৰীক্ষা কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে ৷
বিশেষ কৈ সদৰ থানাত পঞ্জীয়ন হোৱা 183/2023 নম্বৰৰ গোচৰটোৰ তথ্য-পাতি চিবিআইয়ে পৰীক্ষা কৰা বুলি ধাৰণা কৰা হৈছে ৷ উল্লেখ্য যে এই গোচৰ সংক্ৰান্তত এজাহাৰ দাখিল কৰিছিল লখিমপুৰৰ বৰচলাৰ আমিনা খাতুন নামৰ মহিলা গৰাকীয়ে ৷ প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাই ছয় মে’ৰ নিশা আহি গোচৰকাৰীৰ ঘৰত অভিযান চলাইছিল বুলি অভিযোগ কৰিছিল ৷ আমিনা খাতুনে এজাহাৰত জোনমণি ৰাভাৰ লগতে আন কেইবাজনৰ নাম উল্লেখ কৰিছিল ৷ তেওঁলোকে আমিনা খাতুনৰ পুত্ৰ আজগৰ আলিক আটক কৰি নিয়াৰ লগতে পিছদিনা ছয় লাখ টকাৰ বিনিময়ত এৰি দিছিল বুলি এজাহাৰত অভিযোগ তুলিছিল ৷ গোচৰটো পঞ্জীয়ন হ’লেও আৰক্ষীয়ে সেই সন্দৰ্ভত বিশেষ ব্যবস্থা লোৱা নাছিল ৷
এজাহাৰকাৰী আমিনা খাতুনৰ ভাষ্য ইতিমধ্যে চিবিআইৰ দলে গ্ৰহণ কৰিছে ৷ মঙলবাৰে জিলাখনত ভৰি থৈয়েই চিবিআইৰ দলটোৱে আমিনা খাতুনৰ ঘৰত উপস্থিত হৈ তেওঁৰ ভাষ্য গ্ৰহণ কৰে ৷ বুধবাৰৰ দিনটোত জোনমণি ৰাভাক তথ্য যোগান ধৰা হাচিনা বেগমসহ আমিনা খাতুনে জোনমণি ৰাভাক দিবলৈ টকা ধাৰ কৰা বুলি নাম উল্লেখ কৰা চাজিনা খাতুন, ৰজিবুল আদিক চিবিআইৰ দলে আৱৰ্ত ভৱনত জেৰা কৰে ৷ লগতে বঙালমৰা চকীৰ বিষয়া ৰাজকুমাৰ পেগু, লালুক থানাৰ চক্ৰ পৰিদৰ্শক ভি আই মালেশ্বৰ থীক আদিকো আৱৰ্ত ভৱনতে সোধা-পোচা কৰে বুলি জানিব পৰা গৈছে ৷