অসম

assam

ETV Bharat / state

সাংবাদিক অনিৰ্বাণ বৰগোঁহাই আৰু নাই

চিকিৎসাধীন অৱস্থাতে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাংবাদিক অৰ্ণিবাণ বৰগোঁহাইয়ে ৷ বৰগোহাঁইৰ মৃত্যুৰ বতৰাই ৰাজ্যৰ সকলোতে এতিয়া শোকৰ ছাঁ পেলাইছে ৷

By

Published : Jul 26, 2021, 10:36 PM IST

anirban borgohain passes away
সাংবাদিক অনিৰ্বাণ বৰগোঁহাই আৰু নাই

লখিমপুৰ, 26 জুলাই :বিশিষ্ট সাহিত্যিক, নাট্য কৰ্মী তথা সাংবাদিক অৰ্ণিবাণ বৰগোঁহাই আৰু নাই ৷ চিকিৎসাধীন অৱস্থাতে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাংবাদিক গৰাকীয়ে ৷ বৰগোঁহাইৰ মৃত্যুৰ বতৰাই ৰাজ্যৰ সকলোতে এতিয়া শোকৰ ছাঁ পেলাইছে ৷ জ্বৰত আক্ৰান্ত হোৱাৰ বাবে কেইদিনমান পূৰ্বে অৰ্ণিবাণ বৰগোঁহাইক গোগামুখ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷

অৱশেষত 42 বছৰ বয়সত লখিমপুৰ মেডিকেল কলেজেত মৃত্যু হয় অৰ্ণিবাণ বৰগোঁহাইৰ ৷ তেওঁ গোগামুখ প্ৰেছ ক্লাৱৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ নাট্য-সাহিত্য, অভিনয় জগতলৈ তেওঁৰ অৱদান আছিল অপৰিসীম । এনএছডি(National School of Drama)ৰো প্ৰশিক্ষণপ্ৰাপ্ত আছিল অৰ্ণিবাণ বৰগোঁহাই ।

লগতে পঢ়ক: অনিয়ন্ত্ৰণত অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি: মিজোৰ গুলীত নিহত 6 অসম আৰক্ষীৰ জোৱান

প্ৰতিষ্ঠিত লেখকৰ দৰেই তেওঁৰ বহু লেখনিয়ে বৌদ্ধিক সমাজত আদৰ লাভ কৰিছিল । সুগন্ধি পখিলা নামৰ প্ৰকাশন প্ৰতিষ্ঠান এটা স্থাপন কৰি দীর্ঘদিন ধৰি গ্ৰন্থ প্ৰকাশতো জড়িত হৈ আছিল অৰ্ণিবাণ বৰগোঁহাই ৷ সাংবাদিকতাৰ উপৰিও সাহিত্য আৰু নাট্য জগতত অৰিহণা যোগাই অহা বৰগোঁহাইয়ে সুগন্ধি পখিলাক অভিভাৱকত্বহীন কৰি অকালতে ইহ-সংসাৰ ত্যাগ কৰাত সৰ্বত্ৰে শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক: পুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত

ABOUT THE AUTHOR

...view details