অসম

assam

By

Published : Jan 7, 2021, 8:06 PM IST

ETV Bharat / state

নাৰায়ণপুৰত কংগ্ৰেছৰ জোৰ সমদল

লক্ষীমপুৰৰ নাৰায়ণপুৰত কংগ্ৰেছ দলে উলিয়ালে এক জোঁৰ সমদল । কৃষি আইন বাতিলৰ দাবীত পিছলা মণ্ডল কংগ্ৰেছে এই জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে ।

নাৰায়ণপুৰত কংগ্ৰেছৰ জোৰ সমদল
নাৰায়ণপুৰত কংগ্ৰেছৰ জোৰ সমদল

লক্ষীমপুৰ,৭ জানুৱাৰী :কৃষি আইনৰ বিৰুদ্ধে পুনৰ কংগ্ৰেছ প্ৰতিবাদৰ কাৰ্যসূচী । লক্ষীমপুৰৰ নাৰায়ণপুৰত এইবাৰ কংগ্ৰেছ দলে উলিয়ালে এক জোঁৰ সমদল । কৃষি আইন বাতিলৰ দাবীত পিছলা মণ্ডল কংগ্ৰেছে এই জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে । কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে সমগ্ৰ অঞ্চলটোৰ পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলে কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে চৰকাৰে আক্ৰোশমূলক নীতি অৱলম্বন কৰা বুলিও অভিযোগ উত্থাপন কৰাৰ লগতে চৰকাৰৰ ভূমিকাকলৈ প্ৰশ্ন তোলে ।

ABOUT THE AUTHOR

...view details