বিহপুৰীয়া, 1 আগষ্ট :‘‘মই নিজেই এজন স্বয়ং সেৱক আৰু মই নিজেই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ । স্বয়ং সেৱক সংঘৰ মূল লক্ষ্যই হ’ল ব্যক্তি নিৰ্মাণ । ব্যক্তি নিৰ্মাণৰ বাবে যি প্ৰচেষ্টাৰ প্ৰয়োজন সেই প্ৰচেষ্টা সংঘৰ প্ৰশিক্ষণৰ মাজেৰে দিয়া হয় । ধৰ্ম সংস্কৃতিৰ লগে লগে সুৰক্ষাৰ বেহুও ৰাখিব লাগে । নিজৰ সুৰক্ষা কাৰণে কাম কৰাটো কোনো ভুল কাম নহয় ৷’’
বিহপুৰীয়াত উপস্থিত হৈ এই মন্তব্য আগবঢ়ায় অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ভাৰতীয় ইতিহাসত বিভিন্ন সময়ত যিমানবাৰ দেশ বা দেশৰ বিভিন্ন কৃৰ্তি চিহ্নসমূহৰ ওপৰত আক্ৰমণ হৈছে সেয়া সুৰক্ষাৰ অভাৱৰ বাবেই হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।
উল্লেখ্য কৰা প্ৰয়োজন যে, ঘটনাটোৱে ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ পাচতেই অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ এক টুইটযোগে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে দৰং জিলাৰ আৰক্ষী অধীক্ষকক এই ঘটনাৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ধাৰাত গোচৰ ৰুজুৰ লগতে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি জনায় ৷