অসম

assam

ETV Bharat / state

Covid-JE in Lakhimpur: লখিমপুৰত ক’ভিডৰ সমানে এনকেফেলাইটিছৰ সংহাৰ - Japanese Encephalitis in Lakhimpur

লখিমপুৰত ক’ভিডৰ সমান্তৰালকৈ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা ৷ যোৱা তিনিটা মাহৰ ভিতৰত জিলাখনত ২১৪ জন লোক ক’ভিড পজিটিভ বুলি চিনাক্ত হৈছে (Covid patient in Lakhimpur)। জাপানীজ এনকেফেলাইটিছতো ৭ জন লোক আক্ৰান্ত হৈছে এই পৰ্যন্ত । আক্ৰান্তসকলৰ দুজনৰ ইতিমধ্যে মৃত্যু ঘটিছে(Death in Japanese Encephalitis) ।

Covid-JE in Lakhimpur
লখিমপুৰত ক’ভিডৰ সমানে এনকেফেলাইটিছৰ সংহাৰ

By

Published : Jul 16, 2022, 10:12 PM IST

লখিমপুৰ, ১৬ জুলাই: সম্প্ৰতি ৰাজ্যৰ বিভিন্ন জিলাত ক’ভিডৰ সমানে জাপানীজ এনকেফেলাইটিছ ৰোগ বিয়পি পৰিছে । লখিমপুৰতো উদ্বেগজনকভাৱে সংক্ৰমণ ঘটিছে এই ৰোগ । লখিমপুৰত দ্ৰুতগতিত ঘটিছে ক’ভিডৰ সংক্ৰমণ ৷ সমান্তৰালৈ এনকেফেলাইটিছৰো প্ৰাদুৰ্ভাব বৃদ্ধি পাইছে । লখিমপুৰত এই ৰোগত ইতিমধ্যে দুজনৰ মৃত্যু ঘটিছে ।

লখিমপুৰত ক’ভিডৰ সমানে এনকেফেলাইটিছৰ সংহাৰ

যোৱা তিনিটা মাহৰ ভিতৰত জিলাখনত ২১৪ জন লোক ক’ভিড পজিটিভ বুলি চিনাক্ত হৈছে (Covid patient in Lakhimpur)। নিতৌ আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে । শনিবাৰৰ দিনটোতে জিলাখনত ৪২ জন লোক ক’ভিড পজিটিভ বুলি চিনাক্ত কৰা হৈছে । বৰ্তমান জিলাখনত ১৮৯ জন ক’ভিড পজিটিভ ৰোগী চিকিৎসাধীন হৈ আছে ।

উল্লেখ্য যে, ক’ভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে লখিমপুৰ জিলাত ২৪ হেজাৰ ৪৮২ জন লোকৰ ক’ভিড পজিটিভ হৈছে । ইয়াৰ ভিতৰত ২০৩ জন লোকৰ মৃত্যু হয় । সম্প্ৰতি জিলাখনত কেৱল ৰেট পৰীক্ষা(Rapid Antigen Test) ব্যৱস্থাৰে ক’ভিড পজিটিভ ৰোগীক চিনাক্ত কৰা হৈছে । আৰ টি পি চি আৰ পৰীক্ষা পদ্ধতি বৰ্তমান বন্ধ হৈ আছে । যাৰ বাবে একোজন লোক ক’ভিড পজিটিভ বুলি চিনাক্ত হ’লেও তেও কেনে ধৰণৰ ক’ভিড ভাইৰাছৰ দ্বাৰা আক্ৰান্ত সেয়া নিৰ্ণয় হোৱা নাই । কিয়নো আৰ টি পি চি আৰ পৰীক্ষা পদ্ধতিৰেহে ভাইৰাছৰ প্ৰকাৰ জানিব পৰা যায় ।

সেই পৰীক্ষা পদ্ধতি জিলাখনত বন্ধ হৈ থকাত কেৱল ৰেট পৰীক্ষা পদ্ধতিৰে ক’ভিড পজিটিভ লোকসকলক চিনাক্ত কৰা হৈছে । জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জগদীশ গোস্বামীয়ে জিলাখনত ক’ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক পূৰ্বাপৰ সকলো ক’ভিড সজাগতাৰ ব্যৱস্থা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ উপৰি এনে সন্দেহজনক ৰোগ হ’লে লুকুৱাই নাৰাখি চিকিৎসা ব্যৱস্থাৰ বাবে আগবাঢ়ি আহিবলৈও আহ্বান জনায় । ইফালে ক’ভিডৰ সমান্তৰালভাৱে জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগৰো প্ৰাদুৰ্ভাৱ ঘটিছে (Japanese Encephalitis in Lakhimpur)।

জিলাখনত সন্দেহজনক জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত ১৮ জন লোকক পৰীক্ষা কৰাৰ অন্তত ইয়াৰে ৭ জন লোক এনকেফেলাইটিছ ৰোগত আক্ৰান্ত বুলি ধৰা পৰে । আক্ৰান্তসকলৰ দুজনৰ ইতিমধ্যে মৃত্যু ঘটিছে(Death in Japanese Encephalitis) । তেওঁলোক হ’ল নকাৰীৰ মীৰা দাস (৬০) আৰু টেকেলিফুঁটা ন আলিৰ মিথুন পেগু (৫)। আনহাতে আক্ৰান্ত হৈ থকাকেইজনৰ দুগৰাকী ঢকুৱাখনাৰ, দুগৰাকী বগীনদীৰ, দুগৰাকী নাওবৈচাৰ আৰু এগৰাকী লখিমপুৰ নগৰৰ ।

ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ জগদীশ গোস্বামীয়ে এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ হকে বিভাগে ফগিং কৰাকে ধৰি গ্ৰহণ কৰা ব্যবস্থাৱলী সম্পৰ্কে সদৰি কৰি এই ৰোগ প্ৰতিৰোধৰ বাবে আঁঠুৱা ব্যৱহাৰ পৰা যাৱতীয় সকলো সুৰক্ষামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক:CM fund to flood affected student: বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীলৈ চৰকাৰৰ আৰ্থিক সাহাৰ্য

ABOUT THE AUTHOR

...view details