নাওবৈচা, ২১ নৱেম্বৰ: কৰ'ণাসৃষ্ট ভয়াৱহ পৰিস্থিতিৰ মাজতে ডুবাইত দৰ্শকশূন্য ষ্টেডিয়ামতে অনুষ্ঠিত হ'ল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। টেলিভিছন, মোবাইল ফোনতে খেল উপভোগৰ আমেজ ল'লে ক্ৰিকেটপ্ৰেমীয়ে। এইবাৰ অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে ক্ৰিকেট খেল উপভোগৰ সুযোগ আনিছে ইছলামপুৰ প্ৰিমিয়ামৰ লীগে। ২০২১ চনৰ ৮, ৯ আৰু ১০ জানুৱাৰীত লখিমপুৰৰ নাওবৈচাৰ দৌলতপুৰত অনুষ্ঠিত হ'ব ইছলামপুৰ প্ৰিমিয়াৰ লীগ। দৌলতপুৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত অঞ্চলটোৰ ৮টা দলে অংশগ্ৰহণ কৰিব।
গ্ৰামাঞ্চলৰ যুৱ খেলুৱৈসকলৰ সুপ্ত প্ৰতিভাৰ বিকাশ ঘটাবলৈ যোৱা চাৰিটা বছৰে চেষ্টা অব্যাহত ৰাখিছে বৃহত্তৰ ইছলাপুৰৰ একাংশ উদ্যমী যুৱকে ৷ অহা বৰ্ষত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ইছলামপুৰ প্ৰিমিয়াৰ লীগ। লখিমপুৰত অন্য বৰ্ষৰ দৰে এইবাৰো IPLৰ আৰ্হিতে অনুষ্ঠিত হ'ব ইছলামপুৰ প্ৰিমিয়াৰ লীগ চমুকৈ IPL। খেলুৱৈ নিলাম প্ৰক্ৰিয়াৰ জৰিয়তে অনুষ্ঠিত হোৱা খেলখনৰ খেলুৱৈসকলৰ নিলাম অহা ১৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব । অসমৰ তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলৰ লগতে ৰঞ্জী ট্ৰফীত ভাগ লোৱা খেলুৱৈসকলেও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ক্ৰিকেট খেলখনত ।