বিহপুৰীয়া, 3 আগষ্ট :মানসিক প্ৰশান্তি মানেই যেন আত্মসন্তুষ্টি । আজি এনে এগৰাকী শিক্ষাগুৰুৰ বিষয়ে উল্লেখ কৰিম যিগৰাকী গুৰুৱে শিক্ষাদান নকৰালৈকে লাভ নকৰে মানসিক প্ৰশান্তি ৷ নিজে আহৰণ কৰা জ্ঞানৰ ভাণ্ডাৰটো উঠি অহা প্ৰজন্মক বিলাই দিয়াটোৱেই তেওঁৰ ব্ৰত ৷ সেয়েহে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ পাচতো ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষাদান কৰি শিক্ষাগুৰুৰ পৰিচয় ডাঙি ধৰিছে এইগৰাকী শিক্ষকে ৷
ব্যতিক্ৰমী, আদৰ্শবান শিক্ষাগুৰুগৰাকীৰ নাম যোগেন্দ্ৰ নাথ দত্ত ৷ যোগেন্দ্ৰ নাথ দত্তৰ ঘৰ নাৰায়ণপুৰৰ পাণবাৰীত । নাৰায়ণপুৰৰ মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন্দ্ৰ নাথ দত্ত ৷
2007 চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ এবছৰ পূৰ্বেই দত্তই ঠিৰাং কৰিছিল যে জীৱনৰ বাকী সময়ছোৱাতো তেওঁ শিক্ষাৰ্থীসকলৰ মাজত জ্ঞান বিলাই যাব । সেয়েহে পেঞ্চনৰ ধনৰ একাংশৰে এটা কোঠালি নিৰ্মাণ কৰি তেওঁ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ইংৰাজীৰ পাঠদান কৰাৰ সিদ্ধান্ত লয় ৷ বিশেষকৈ ইংৰাজী ব্যাকৰণৰ পাঠদান আগবঢ়াই আহিছে শিক্ষাগুৰু যোগেন্দ্ৰ নাথ দত্তই ৷
দত্তই আমাক জানিবলৈ দিয়া অনুসৰি, বিদ্যালয়ৰ পাঠদানৰ সময়ত শিক্ষক-শিক্ষয়িত্ৰীসকলে ব্যাকৰণত বিশেষ গুৰুত্ব দিবলৈ সময় নাপায় সময়ৰ সীমাবদ্ধতাৰ বাবে ৷ ফলত ছাত্ৰ-ছাত্ৰীসকলে ব্যাকৰণৰ জ্ঞান আঁতি-গুৰি মাৰি লাভ কৰিবলৈ সক্ষম নহয় ৷ ইয়াৰ প্ৰভাৱ পৰে পৰৱৰ্তী পৰ্যায়ত ৷ সেয়েহে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে যাতে ব্যাকৰণৰ ক্ষেত্ৰত নিজকে সম্পূৰ্ণ প্ৰস্তুত কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে ৷