অসম

assam

BJP conflict: বিজেপিত ন-পুৰণি সংঘাত; দল ত্যাগ কৰিলে ৯ জনকৈ প্ৰবীণ কৰ্মীয়ে

বিজেপি দলটোত স্বৈৰাচাৰী শাসন চলিছে  । দলটোৰ আজিৰ কৰ্মীসকলে বুজি নাপায় দল জন্মৰ প্ৰসৱ বেদনা। বিগত সময়ত দলটোক বহু কষ্টৰে ধৰি ৰখা সকলে এতিয়া দলৰ মজিয়াত স্থান নাপায় - জ্যেষ্ঠ বিজেপি কৰ্মী ৷

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 5:47 PM IST

Published : Aug 27, 2023, 5:47 PM IST

Nine veteran workers quit BJP
ফাঁট মেলিছে বিজেপিত; দল ত্যাগ কৰিলে ৯ জনকৈ প্ৰবীণ কৰ্মীয়ে

ফাঁট মেলিছে বিজেপিত; দল ত্যাগ কৰিলে ৯ জনকৈ প্ৰবীণ কৰ্মীয়ে

লখিমপুৰ, ২৭ আগষ্ট : শাসকীয় বিজেপি দলত এতিয়া আভ্যন্তৰীণ সংঘাতৰ বহিঃপ্ৰকাশ স্পষ্ট হৈ পৰিছে । চৰকাৰখনৰ কাম কাজত অসন্তুষ্ট হোৱাৰ উপৰি ন-বিজেপিৰ দপদপনিত অতিষ্ঠ হৈছে দলৰ প্ৰবীণ দলীয় কৰ্মী। দেওবাৰে লখিমপুৰত দলীয় কাম কাজত অসন্তুষ্ট হৈ ৯ জনকৈ প্ৰবীণ দলীয় কৰ্মীয়ে দলত্যাগ কৰে ৷

পুৰণিক অৱহেলা আৰু চৰকাৰৰ কাম কাজত অসন্তুষ্ট হৈ পদত্যাগ কৰিলে ৯ জনকৈ জ্যেষ্ঠ বিজেপি কৰ্মীয়ে। মূল্যবৃদ্ধিৰ ফলত চৰকাৰখনৰ কাম-কাজে কেৱল সাধাৰণ ৰাইজকে বিতুূষ্ট কৰাই নহয়, দলীয় কৰ্মীসকলৰ বুজন অংশকো অসন্তুষ্ট কৰি তুলিছে।

আনহাতে একাংশ বিজেপি কৰ্মীৰ কাম কাজেও দলীয় কৰ্মীৰ মনত ক্ষোভ সৃষ্টি কৰিছে ৷ বিশেষকৈ ন বিজেপিৰ কৰ্ম-কাণ্ডত অতিষ্ঠ হৈছে দলৰ জ্যেষ্ঠ কৰ্মীসকল। এনে আভ্যন্তৰীণ সংঘাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জোকাৰণি তুলিছে লখিমপুৰ বিজেপিতো ।

দলটোৰ দুৰ্দিনৰ সময়ত বহু কষ্টৰে ধৰি ৰখা আৰু দলৰ বাবে বহু ত্যাগ কৰা একাংশ প্ৰবীণ কৰ্মী দলত এতিয়া এলাগী হৈ মনৰ দুখত দল ত্যাগ কৰিবলৈ বাধ্য হৈছে । লখিমপুৰত দেওবাৰে দলৰ জিলা পৰ্যায়ত দায়িত্ব গ্রহণ কৰি দলটোক বৰ্তমানৰ পৰ্যায়লৈ আগুৱাই অনাত অৰিহণা যোগোৱা ৯ গৰাকী প্ৰবীণ দলীয় কৰ্মীয়ে দল ত্যাগ কৰি ওলাই আহে । তেওঁলোকে ৰাজ্যিক বিজেপিৰ নেতৃত্বলৈ লৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি লখিমপুৰ প্ৰেছ ক্লাৱত সংবাদমেলযোগে তেওঁলোকৰ মনৰ খেদ ব্যক্ত কৰে ।

প্ৰবীণ কৰ্মীসকলে কয় যে, বিজেপি দলত এতিয়া ন পুৰণি বিজেপি কৰ্মীৰ সংঘাটত বিধস্ত হোৱাৰ উপক্ৰম ঘটিছে । দলৰ প্ৰতি দীর্ঘদিন ধৰি অৰিহণা যোগোৱাসকলক এলাগী কৰি ন-বিজেপিয়ে দপদপাই থাকি দলটোৰ আদৰ্শক কুঠাৰাঘাত কৰিছে ৷ চৰকাৰখনৰ কাম-কাজেও তেওঁলোকক বিজেপি কৰ্মী বুলি চিনাকি দিবলৈ লাজ লগা কৰে বুলি ক্ষোভ উজাৰে ৷

উল্লেখ্য যে, জিলাখনত দলত্যাগ কৰা প্ৰবীণ দলীয় কৰ্মীসকল হ’ল ১৯৯১ চনৰ পৰা ১৯৯৫ চনলৈ সভাপতিৰ দায়িত্বত থকা কুশ শৰ্মা, জিলাৰ প্ৰাক্তন উপ-সভাপতি নাৰায়ণ বৰুৱা, সেই সময়ৰ পানীগাওঁ পঞ্চায়ত সভাপতি ধীৰেণ ভূঞা, তদানীন্তন মাজুলী যুব মৰ্চাৰ প্ৰাক্তন সম্পাদক কুশল হাজৰিকা, প্ৰাক্তন জিলা বিজেপিৰ সম্পাদক নিত্যানন্দ মিলি, প্ৰাক্তন জিলা সম্পাদক জ্যোতি বৰগোহাঞিকে ধৰি মুঠ ৯ জন জেষ্ঠ কৰ্মী।

তেওঁলোকে কয় যে, বিজেপি দলটোত স্বৈৰাচাৰী শাসন চলিছে । দলটোৰ আজিৰ কৰ্মীসকলে বুজি নাপায় দল জন্মৰ প্ৰসৱ বেদনা । বিগত সময়ত দলটোক বহু কষ্টৰে ধৰি ৰখা সকলে এতিয়া দলৰ মজিয়াত স্থান নাপায় । যাৰ বাবে বিজেপি দল ত্যাগ কৰে দলটোৰ এই সকল জ্যেষ্ঠ কৰ্মীয়ে ।

লগতে পঢ়ক:All Assam Karmachari Parishad: ৰাজ্যৰ উন্নয়নমুখী যাত্ৰাত কৰ্মচাৰীসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ; মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details