লখিমপুৰ,১ মে': অসম চাহ মজদুৰ সংঘৰ উদ্যোগত লখিমপুৰত কেন্দ্রীয় মে' দিৱস উদযাপন । অসম চাহ মজদুৰ সংঘই এই দিৱসটো লখিমপুৰত কেন্দ্রীয়ভাৱে পালন কৰে । এই উপলক্ষে দিনজোৰা বিভিন্ন কাৰ্যসূচী গ্রহণ কৰা হয় । পুৱাৰ ভাগত অন্যান্য কাৰ্যসূচীৰ লগতে সাংস্কৃতিক শোভাযাত্রা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সাংস্কৃতিক শোভাযাত্রাত চাহ জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰে লখিমপুৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে । চাহ জনগোষ্ঠীৰ ঝুমুৰ, মাদলৰ ধ্বনিৰে মুখৰিত হ’ল লখিমপুৰৰ আকাশ-বতাহ (International Labour Day observed in Lakhimpur) ।
জনগোষ্ঠীটোৰ কৃষ্টি, সংস্কৃতিৰ ধ্বনিৰে লখিমপুৰ নগৰত উচৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । অসম চাহ মজদুৰ সংঘৰ উদ্যোগত লখিমপুৰত কেন্দ্রীয়ভাৱে আয়োজন কৰা শ্রমিক সংহতি দিৱস উপলক্ষে গ্রহণ কৰা কাৰ্যসূচী সমুহৰ অন্যতম সাংস্কৃতিক শোভাযাত্রাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে (Cultural procession on the occasion of May Day) । উল্লেখ্য যে, অসম চাহ মজদুৰ সংঘৰ উদ্যোগত আৰু সংঘৰ লখিমপুৰ শাখা, সমুহ বাগিচা গোট তথা শ্রমিক ৰাইজৰ সহযোগত লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত দিনজোৰা কাৰ্যসূচীৰে শ্ৰমিক সংহতি দিৱসটিৰ আয়োজন কৰা হয় (International Labour Day 2023) ।
লগতে পঢ়ক:Nagaon police encounter : ৰূপহীহাটত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া ৰমিজুল