অসম

assam

Inspiring story: একুৰা জুই বুকুত সাৱটি জীৱন যাপনৰ আখৰা কৰা এদল লোক

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 7:35 PM IST

উৎকট গৰমতো গাত গৰম নলগা এদল লোক ৷ একুৰা জুইক লৈ কৰিছে জীৱন যাপনৰ আখৰা ৷ সহিব নোৱাৰা গৰম তেওঁলোকৰ বাবে যেন গৌণ ৷ একুৰা দপপীয়া জুইৰ কাষত বহি হাতুৰী কোবত মিলাইছে জীৱনৰ ছন্দ ৷ কমাৰশালৰ মজিয়াখনেই এওঁলোকৰ বাবে জীৱন গঢ়াৰ বুনিয়াদ ৷ চাঁওক আমাৰ বিশেষ প্ৰতিবেদন...

Inspiring storyInspiring story of Blacksmiths
জুই বুকুত সাৱটি জীৱন যাপনৰ আখৰা কৰা এদল লোক

জুই বুকুত সাৱটি জীৱন যাপনৰ আখৰা কৰা এদল লোক

লখিমপুৰ, 7 ছেপ্টেম্বৰ :উৎকট গৰমত দহিছে সমগ্ৰ ৰাজ্য। গৰমৰ প্ৰকোপত ত্ৰাহি মধুসূদন সোঁৱৰিছে ৰাজ্যবাসীয়ে ৷ ৰাজ্যখনত নিতৌ পাৰাস্তম্ভৰ গতি হৈছে উৰ্ধমূখী। ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো নিতৌ বাঢ়িছে পাৰাস্তম্ভ ৷ বিগত কেইবাদিনৰ পৰা জিলাখনত দিনৰ ভাগত 37 ডিগ্ৰী চেলচিয়াছ অতিক্রম কৰিছে পাৰাস্তম্ভই। কিন্তু আজি আমি আপোনালোকক এনেকুৱা এদল লোকৰ বিষয়ে ক’ব বিচাৰিছো যিসকল লোকৰ উৎকট গৰমতো গাত নালাগে গৰম ৷

মানুহে যিসময়ত গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি গছৰ তলত বহি, শীতল পানীয় খাই নাইবা ফেনৰ তলত বহি দিন কটাইছে, এনে প্ৰচণ্ড গৰমতো বুকুত একুৰা জুই লৈ কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী হৈ আছে একাংশ লোক ৷ এওঁলোক হ’ল কমাৰ ৷ একুৰা দপপীয়া জুইৰ কাষত বহি হাতুৰীৰ কোবত জীৱনৰ ছন্দ মিলাইছে এইসকল লোকে ৷ গৰমকো আওকাণ কৰি আমাৰ দৈনন্দিক জীৱনত ব্যৱহৃত হোৱা অত্যাৱশ্যকীয় সামগ্ৰীসমূহ প্ৰস্তুত কৰাত ব্যস্ত এইসকল লোক ৷

সূৰ্যৰ প্ৰচণ্ড উত্তাপ অথবা ডগমগীয়া জুইকুৰাৰ তাপ এওঁলোকৰ বাবে যেন গৌণ ৷ উত্তাপৰ মাজতে কাম কৰাৰ আমেজ লাভ কৰা কমাৰশালৰ কৰ্মীসকলে গৰমত জুৰুলি জুপুৰি হৈ ধাতৱ শব্দৰ ছন্দত গঢ়িছে এপদ এপদকৈ সামগ্ৰী ৷ এওঁলোকৰ বাবে কমাৰ শালৰ মজিয়াখন জীৱন গঢ়াৰ বুনিয়াদ ৷ গৰমৰ অচলা দি তেওঁলোকে কাম নকৰিলেই অচল হৈ পৰিব তেওঁলোকৰ জীৱন ৷

দিনে নিশাই হাতুৰীৰে লো পিটি গঢ়িছে বিভিন্ন লোহাৰৰ সামগ্ৰী ৷ এয়াই তেওঁলোকৰ পেছা, তেওঁলোকৰ নিচা ৷ এই কৰ্মৰেই নিজৰ জীৱিকা উপাৰ্জন কৰাৰ লগতেই পৰিয়াল পোহ পাল দিছে শ্ৰমিকসকলে ৷ জীৱন জীয়াবলৈ জানো ইমান সহজ ? এয়াও জীৱন..

লগতে পঢ়ক:Krishna Janmashtami 2023: নন্দোৎসৱ উপলক্ষে বৰপেটাত বোকাভাওনা

ABOUT THE AUTHOR

...view details