লখিমপুৰ, ৩ নৱেম্বৰ :যোৱা ২৯ অক্টোবৰত লখিমপুৰ জিলা কাৰাগাৰৰ ভিতৰত কাৰাবন্দীৰ মাজত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাত চাৰিজন আহত হৈছিল যদিও ইয়াৰে এজন গুৰুতৰভাৱে আহত হৈছিল ৷ গুৰুতৰভাৱে আহত আব্দুল মোতালিব নামৰ কাৰাবন্দীজনক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে পুৱা অৰ্থাৎ আজি মৃত্যু হয় কয়দীজনৰ ৷
ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে নিশা আবুল কালাম নামৰ কয়দীটোৱে আক্ৰমণ কৰে আন একাংশ কাৰাবন্দীক । আবুল কালামৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ক্ৰমে আব্দুল মোতালিব, ৰুহুল আমিন, আজিজুৰ ৰহমান আৰু জয়নাল আবেদিন নামৰ কাৰাবন্দীকেইটা।
উল্লেখ্য যে, আবুল কালামে প্ৰায় ৩ মাহ পূৰ্বে ভাতৃ হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল । দেওবাৰে নিশাই কয়দী আবুল কালামে শোৱাপাটীতে আক্ৰমণ কৰে আন চাৰি বন্দীক । আবুলে আজিজুৰ ৰহমানৰ মূৰত আঘাত কৰাৰ লগতে, আব্দুল মোতালিব ওৰফে চিমাইন্নাকোৰ মূৰত শিলেৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে ৷ ততালিকে সংকটজনক অৱস্থাত চিমাইন্নাক ভৰ্তি কৰা হৈছিল AMCH ত। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে আব্দুলে ৷