লখিমপুৰ, 31 মাৰ্চ:ভাৰতীয় বায়ু সেনাৰ যুঁজাৰো বিমানৰ গৰ্জন, বেমাৰ শব্দ, গোলাবৰ্ষণৰ শব্দত কঁপিব লখিমপুৰৰ দুলুং সৰক্ষিত বনাঞ্চল ৷ যাৰ বাবে লখিমপুৰ জিলা দণ্ডাধীশে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ 144 ধাৰা জাৰি কৰিছে বনাঞ্চলখনত ৷ এক সমৰ সদৃশ পৰিৱেশৰ সৃষ্টি হ’ব দুলুং সৰক্ষিত বনাঞ্চলত (Air combat drill in Lakhimpur) ৷
উল্লেখ্য যে, শনিবাৰৰ পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা দুলুং বনাঞ্চলত সামৰিক অনুশীলন কৰিব ভাৰতীয় বায়ু সেনাৰ 11 উইংয়ে ৷ 1 এপ্ৰিলৰ পৰা সম্পূৰ্ণ এটা পষেক ধৰি চলিব এই অনুশীলন ৷ গোলা-বাৰুদৰ শব্দত কঁপি উঠিব সমগ্ৰ বনাঞ্চল ৷
অনুশীলনৰ সময়চোৱাত কোনো লোকে যাতে বনাঞ্চলখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে দণ্ডাধীশে জাৰি কৰিছে 144 ধাৰা ৷ জীৱ-জন্তু প্ৰৱেশতো জাৰি কৰা হৈছে নিষেধাজ্ঞা ৷ দুলুং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা অনুশীলন ক্ষেত্ৰত 14 এপ্ৰিললৈকে চলিব অনুশীলন ৷ উল্লেখ্য যে, প্ৰতি বছৰে বনাঞ্চলখনত সামৰিক অনুশীলন কৰি আহিছে ভাৰতীয় বায়ু সেনাই (Air force drilling in Dullung forest) ৷