লখিমপুৰ, 26 অক্টোবৰ :লখিমপুৰবাসীৰ বাবে এক সু-খবৰ ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল লখিমপুৰৰ মাইনা চুতীয়াই । মাত্ৰ ৩০ ছেকেণ্ডত ১৬২ টা ইংৰাজী শব্দ পঢ়ি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান অধিকাৰ কৰিলে যুৱতীগৰাকীয়ে ৷
মাইনা চুতীয়া ঘূনাসূঁতিৰ কৃষ্ণপুৰ গাঁও নিবাসী ভাইটি চুতীয়া আৰু মামণি চুতীয়াৰ কন্যা । লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰী মাইনাৰ ইতিপূৰ্বে এখন কাব্য সংকলন প্ৰকাশ পাইছে ৷ ইয়াৰ লগতে বাঁহী বাদন আৰু নাগাৰা বাদনৰো চৰ্চা অব্যাহত ৰাখিছে মাইনাই ।