নাওবৈচা,২০ মাৰ্চ: বিধানসভা নিৰ্বাচনলৈ মাত্ৰ সাতটা দিন বাকী । শাসক-বিৰোধীৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰস্তুতি চলাইছে নিৰ্বাচনী যুঁজত জয়ী হোৱাৰ বাবে । হাই প্ৰফাইল নেতাই হেলিকপ্তাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ বিপৰীতে বাইক, চাইকেল ৰেলীৰে ৰাইজৰ মন জয় কৰাৰ প্ৰয়াসক কৰিছে নিৰ্দলীয় প্ৰাৰ্থীসকলে । শনিবাৰে লখিমপুৰৰ ১১০ নং নাওবৈচা বিধানসভা সমষ্টি বিশাল বাইক ৰেলী উলিয়াই শক্তি প্ৰদৰ্শন কৰে নিৰ্দলীয় প্ৰাৰ্থী ৰাও গজেন্দ্ৰ সিঙে ।
নাওবৈচাত বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন ৰাও গজেন্দ্ৰ সিঙৰ - বিধানসভা নিৰ্বাচন
বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে । পিছপৰি ৰোৱা নাই নিৰ্দলীয় প্ৰাৰ্থীসকলো । শনিবাৰে লখিমপুৰৰ নাওবৈচাত বিশাল বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন কৰিলে নিৰ্দলীয় প্ৰাৰ্থী ৰাও গজেন্দ্ৰ সিঙে ।
সমষ্টিটোৰ ৰামপুৰ-বগীবিল পঞ্চায়তৰ পৰা আৰম্ভ হোৱা ৰেলী শিঙৰা আৰু পহুমৰা গাঁও পঞ্চায়ত হৈ ৰঙানদী পঞ্চায়তত অন্ত পৰে । এই বাইক ৰেলীত তিনি শতাধিক সমৰ্থকে অংশ লয় । বাইক ৰেলীৰ অন্তত সাংবাদিকৰ আগত নিৰ্দলীয় প্ৰাৰ্থী ৰাও গজেন্দ্ৰ সিঙে কয় যে, এইবাৰ নাওবৈচাৰ ৰাইজে তেওঁক টিকট দিছে আৰু ৰাইজেই তেওঁক জয়ী কৰাব । লগতে এইবাৰ নিৰ্বাচনত তেওঁৰ মূল প্ৰতিদ্বন্দ্বী ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমান হ'ব বুলিও মন্তব্য কৰে ।
উল্লেখ্য যে, নাওবৈচা সমষ্টিত বিজেপিৰ দলৰ পৰা টিকট লাভৰ পৰা বঞ্চিত হৈছিল ৰাও গজেন্দ্ৰ সিঙে । ইয়াৰ পিছতে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । আনহাতে, সমষ্টিটোৰ গৰিষ্ঠ সংখ্যক বিজেপি কাৰ্যকৰ্তাই ৰাও গজেন্দ্ৰ সিঙৰ পক্ষত থিয় দি প্ৰচাৰ অভিযান চলাইছে ।
লগতে পঢ়ক: কংগ্ৰেছ ত্যাগ প্ৰাক্তন মন্ত্ৰী গৌতম বৰাৰ