অসম

assam

ETV Bharat / state

স্বাধীনতা কাপ কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা খেলুৱৈক সম্বৰ্ধনা

দিল্লীৰ জনকপুৰীত অনুষ্ঠিত স্বাধীনতা কাপ কাৰাটে চেম্পিয়নশ্বিপত(All India Independence Cup Karate Championship)অংশগ্ৰহণ কৰে লখিমপুৰৰ ১১ গৰাকী খেলুৱৈয়ে । বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্রহণ কৰা ১১ গৰাকী খেলুৱৈক বিভিন্ন সংগঠনে ৰাজহুৱা ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।

Independence Cup Karate Championship
লখিমপুৰত ৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈক সম্বৰ্ধনা

By

Published : Aug 18, 2022, 8:47 PM IST

লখিমপুৰ ১৯ আগষ্ট: লখিমপুৰ জিলাৰ বগীনদীত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্রহণ কৰা স্থানপ্ৰাপ্ত ১১ গৰাকী খেলুৱৈক বিভিন্ন সংগঠনে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে(Karate player felicitated in Lakhimpur)। সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাধীনতা কাপ কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা খৈলুৱৈসকলক লখিমপুৰৰ বগীনদীত বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

উল্লেখ্য় যে যোৱা ১৩ আৰু ১৪ আগষ্টত দেশৰ ৰাজধানী দিল্লীৰ জনকপুৰীত অনুষ্ঠিত হৈছিল স্বাধীনতা কাপ কাৰাটে চেম্পিয়নশ্বিপ(All India Independence Cup Karate Championship)। উক্ত চেম্পিয়নশ্বিপত লখিমপুৰ জিলা কাৰাটে এছোচিয়েচনৰ সম্পাদক জগন্নাথ কামান, কোষাধ্যক্ষ কিৰণ শৰ্মা আৰু যুটীয়া সম্পাদিকা পূৰ্ণিমা দেউৰীৰ নেতৃত্বত অংশগ্ৰহণ কৰিছিল লখিমপুৰৰ ১১ গৰাকী খেলুৱৈয়ে ।

লখিমপুৰত ৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈক সম্বৰ্ধনা

ইয়াৰে ল'ৰাৰ ৯, ১০ আৰু ১১ বছৰৰ ছাব জুনিয়ৰ শাখাত ক্ৰমে ঈশ্বান সোনোৱাল, মৃগাংক দত্ত, অংকুৰ ঠেঙাল আৰু ৰূপম শৰ্মাই সোণৰ পদক অৰ্জন কৰে । আনহাতে, কেডেটৰ ৬৩ কেজি শাখাত বিপ্লৱ পেগুয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে । তদুপৰি ৫৫ কেজিৰ জুনিয়ৰ শাখাত পৱিত্ৰ পেগুয়ে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।

বৃহস্পতিবাৰে পুৱা ৰেলেৰে লখিমপুৰত উপস্থিত হোৱাৰ পিছত কাৰাটে খৈলুৱৈৰ দলটোক ষ্টেচনৰ পৰা আদৰি আনি বধাকৰাৰ কুছিয়ামাৰীত সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ পিছতেই বগীনদীত বিপুল সম্বৰ্ধনা জনোৱা হয় । বগীনদী ব্লক ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজন কৰা উক্ত সম্বৰ্ধনা অনুষ্ঠানত পদকপ্ৰাপ্ত খৈলুৱৈসকলৰ লগতে অংশগ্ৰহণকাৰী খৈলুৱৈ আৰু প্ৰশিক্ষকসকলক বগীনদী প্ৰেছ ক্লাৱ, বগীনদী ব্যৱসায় সন্থা, সোনোৱাল কছাৰী স্বায়ত্ত পৰিষদে সম্বৰ্ধনা জ্ঞাপন কৰে ।

লগতে পঢ়ক:মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীতো আৰম্ভ নাম প্ৰসংগ

ABOUT THE AUTHOR

...view details