লখিমপুৰ, ২৮ জুন : বহু বিতৰ্কিত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে জলস্তৰ (Water level increased in NHPC Dam)। মাথো কেইদিনমানৰ পূৰ্বে নিৰ্মীয়মান সোৱণশিৰি প্ৰকল্পৰ পানী উপচি পৰি বাগৰি অহাৰ ফলত নামনিৰ দিশত প্ৰৱল বানৰ সূচনা হৈছিল । সম্প্ৰতি পুনৰ তেনে দুৰ্যোগৰ অশনি সংকেত প্ৰকাশ পাইছে । কিয়নো প্ৰকল্পটোৰ ভয়ংকৰ ৰূপত জলস্তৰ বৃদ্ধি হৈছে ।
পৰিস্থিতি একেই থাকিলে অচিৰেই প্ৰকল্পৰ পৰা উপচি উঠা পানী বাগৰি আহি নামনিত জল প্ৰলয়ৰ সূচনা কৰাৰ সম্ভাৱনাই দেখা দিছে । ইফালে বৃহৎ ফাঁট মেলিছে NHPC অসমৰ নামনি অংশত (Crack in NHPC Dam)। অসমৰ ফালৰ সুৰংগৰ সন্মুখত বৃহৎ ফাঁট মেলিছে । যি পথেৰে শ্ৰমিক, তথা বাহন আহ-যাহ কৰে সেই পথত এই বৃহৎ ফাঁট মেলা পৰিলক্ষিত হৈছে ৷ যিহেতু পাহাৰ খহি শ্ৰমিক আহ-যাহ কৰাৰ এটা পথ বন্ধ হোৱাৰ পিছত এই সুৰংগটোৰ ভিতৰেদি আহ-যাহ কৰে শ্ৰমিকসকলৰ লগতে বাহনসমূহ ।