লখিমপুৰ,5 জুন: বানৰ কবলত পৰিছে লখিমপুৰ জিলাৰ বৃহত্তৰ অঞ্চলৰ কৃষি ভূমি ৷ ফলত লহপহকৈ বাঢ়ি সোণোৱালী হৈ পৰা শতাধিক বড়ো ধানৰ কৃষি ভূমি বৰ্তমান আছে পানীৰ তলত । ধাৰাসাৰ বৰষুণৰ ফলত জিলাখনৰ বঙালমৰা,লালুক,নাওবৈচা আদি অঞ্চলত ৰাইজে বানৰ পূৰ্বে লাভ কৰাৰ আশাৰে মূৰৰ ঘাম মাটিত পেলাই কৰিছিল বৰোধানৰ খেতি ৷ কিন্তু,খেতি চপোৱাৰ সময়তে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত ৷
লখিমপুৰত বানৰ কবলত শতাধিক কৃষিভূমি - Lakhimpur Assam
বাৰিষাৰ প্ৰথমটো বানে বুৰাই পেলোৱাৰ ফলত বৰ্তমান পানীৰ তলত লখিমপুৰৰ শতাধিক কৃষি ভূমি ৷ জিলাখনৰ বৃহত্তৰ অংশত কৃষকে পৰীক্ষণমূলকভাৱে কৰা বড়োধানৰ খেতি বানে নষ্ট কৰাত হতাশাৰ সন্মুখীন হৈছে কৃষকসকল ৷

বানৰ কবলত শতাধিক কৃষিভূমি
বানৰ কবলত শতাধিক কৃষিভূমি
উল্লেখ্য যে,এইবেলি কৃষি বিভাগৰ সহায়ত বাৰিষা বানে গৰকা অঞ্চলসমূহত পৰীক্ষণমূলকভাৱে কৰা হৈছিল বড়ো ধানৰ খেতি ৷
লগতে চাওকঃদেৱাশীষ গগৈৰ বাসগৃহত উপস্থিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া