অসম

assam

ETV Bharat / state

লখিমপুৰৰ হোটেলত উৎকোচৰ বেহা

শুকুৰবাৰে নিশা লক্ষীমপুৰস্থিত মেপেললিফ হোটেলত আটক প্ৰধানমন্ত্ৰী গ্ৰামীণ যোজনাত কৰ্মৰত সুৰেশ শৰ্মা নামৰ এজন উচ্চ প্ৰদস্থ বিষয়া । অভিযোগ অনুসৰি তেওঁ বিগত তিনিদিন দিল্লীৰ পৰা আহি এই হোটেলখনত বাহৰ পাতিছিল আৰু PMGY ৰ আঁচনিসমূহৰ কামৰ মানদণ্ড দিয়াৰ নামত ঠিকাদাৰৰ পৰা উৎকোচ লৈছিল বিষয়াজনে । অৱশেষত কেইবাটাও সংগঠনৰ কৰ্মীয়ে মেপেললিফ হোটেলত টকা-পইচাৰ লেনদেনৰ সময়ত ধৰা পেলাবলৈ সক্ষম হয় ৷

By

Published : Mar 21, 2020, 12:25 PM IST

লখিমপুৰৰ হোটেলত উৎকোচৰ বেহা
লখিমপুৰৰ হোটেলত উৎকোচৰ বেহা

লখিমপুৰ, 21 মাৰ্চঃ লখিমপুৰত আটক প্ৰধানমন্ত্ৰী গ্ৰামীণ যোজনাৰ এজন উচ্চ প্ৰদস্থ বিষয়া । অভিযোগ অনুসৰি বিগত তিনিদিন ধৰি PMGY ত কৰ্মৰত সুৰেশ শৰ্মাই দিল্লীৰ পৰা আহি লক্ষীমপুৰস্থিত মেপেললিফ হোটেলত বাহৰ পাতিছিল ৷ তিনিদিন হোটেলত থাকি এই দুৰ্নীতিগ্ৰস্ত বিষয়াজনে PMGYৰ আঁচনিসমূহৰ কামৰ মানদণ্ড নিৰূপণ কৰিছিল ৷ কামৰ মানদণ্ড দিয়াৰ নামত ঠিকাদাৰৰ পৰা ধন সংগ্ৰহ কৰিছিল বিষয়াজনে । অৱশেষত কেইবাটাও সংগঠনৰ কৰ্মীয়ে মেপেললিফ হোটেলত টকা-পইচাৰ লেনদেনৰ সময়ত ধৰা পেলাবলৈ সক্ষম হয় বিষয়াজনক ৷ ঘটনাস্থলীত লক্ষীমপুৰ আৰক্ষী উপস্থিত হৈ বিষয়াজনৰ খামৰ পৰা 75 হাজাৰ টকাৰ এটা বাণ্ডিলসহ সুৰেশ শৰ্মাক আটক কৰে । সম্প্ৰতি এই বিষয়ত লক্ষীমপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লখিমপুৰৰ হোটেলত উৎকোচৰ বেহা

ABOUT THE AUTHOR

...view details