লখিমপুৰ, 1 অক্টোবৰ:লখিমপুৰ বন সংমণ্ডলৰ পথালিপাম বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ দুলুং বন শিবিৰৰ বনকৰ্মীয়ে মঙলবাৰে নিশা প্ৰায় 1 বজাত ৰাজগড় কুঁহিয়াবাৰীত প্ৰায় 40 চেপ্তি চোৰাং কাঠসহ AS-07 AC-9777 নম্বৰৰ এখন টাটা জেনন পিক আপ ভান জব্দ কৰে ৷ বিভাগীয় কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি কাঠখিৰ নাছিল কোনো বৈধ নথিপত্ৰ ৷
লখিমপুৰত চোৰাং কাঠসহ জব্দ দুখন বাহন - লখিমপুৰ
লখিমপুৰৰ দুটা ভিন্ন প্ৰান্তত বন বিভগে পৃথকে পৃথকে অভিযান চলাই দুখনকৈ বাহনসহ বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷

কাঠসহ জব্দ দুখন বাহন জব্দ
লখিমপুৰত চোৰাং কাঠসহ জব্দ দুখন বাহন জব্দ
অভিযানকাৰী দলটোৱে জব্দকৃত কাঠখিনিৰ লগতে আটক কৰে গাড়ীখনৰ স্বত্বাধিকাৰী চাউলধোৱা কাতৰি চাপৰিৰ কৃষ্ণ কলিতা আৰু নিতু বৰা নামৰ আন এজন লোকক ৷ আনহাতে পথালি পাম বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কুঁহিয়াবাৰী পথতো লখিমপুৰ আঞ্চলিক বন বিষয়াই আন এখন কাঠভৰ্তি 12 চকীয়া ট্ৰাক জব্দ কৰে ৷ AS- 01 DD-1957 নম্বৰৰ ট্ৰাক খনৰ পৰা অভিযানকাৰী দলটোৱে প্ৰায় 300 চেপ্তি কাঠ জব্দ কৰে ৷
লগতে পঢ়ক:বিজয়নগৰত চোৰাং চাউলভৰ্তি ট্ৰাক জব্দ
Last Updated : Oct 1, 2020, 2:39 PM IST