অসম

assam

ETV Bharat / state

বন বিভাগৰ ছত্ৰছায়াত দোৰপাং নৈত অবৈধ বালি খনন - Tractors loaded with sand without invoices

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে অবৈধ বালি খনন(Illegal Sand mining)৷ বালি খননৰ সংবাদ বিভিন্ন সংবাদ মাধ্যমত সঘনাই প্ৰচাৰ হৈ আহিছে যদিও কাণসাৰ নাই চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ ৷ নিৰ্লিপ্ত ভূমিকাত অৱতীৰ্ণ হৈছে আৰক্ষী তথা বন বিভাগ ৷ এইবাৰ চালানবিহীন বালিভৰ্তি ট্ৰেক্টৰৰ অবাধ চলন চলিছে লখিমপুৰ জিলাৰ দোৰপাং নৈৰ বুকুত(Illegal sand mining in Dorpang river of Lakhimpur) ৷

Illegal sand mining in Dorpang river of Lakhimpur
বন বিভাগৰ ছত্ৰছায়াত দোৰপাং নৈত অবৈধ বালি খনন

By

Published : Sep 9, 2022, 7:04 AM IST

Updated : Sep 9, 2022, 8:15 AM IST

বিহপুৰীয়া, 9 ছেপ্টেম্বৰ: লখিমপুৰ জিলাৰ দোৰপাং নৈৰ বুকুত একাংশ দুষ্টচক্ৰৰ শেনচকু পৰাৰ সময়তে ধৃতৰাষ্ট্ৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে ৰাজ্য চৰকাৰৰ বিয়াগোম বন বিভাগ (Forest department of Assam)। উদকেই যেন ভেটাৰখীয়া পাতিছে ৰাজ্য চৰকাৰৰ বন বিভাগে । অসম-অৰুণাচল সীমান্তৰ(Assam-Arunachal border) দোৰপাং কোৱৰীত এতিয়া চালানবিহীন বালিভৰ্তি ট্ৰেক্টৰৰ চলিছে অবাধ চলন ।

বন বিভাগৰ ছত্ৰছায়াত দোৰপাং নৈত অবৈধ বালি খনন

চালানবিহীনভাৱে বালিভৰ্তি ট্ৰেক্টৰ লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰত্যক্ষদৰ্শী ৰাইজে(Tractors loaded with sand without invoices) । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উক্ত স্থানত বন বিভাগৰ লোক উপস্থিত থাকে যদিও অব্যাহত থাকে ট্ৰেক্টৰৰ দপদপনি ।

'বালি মাফিয়াৰ সৈতে গোপন মিতিৰালি চলিছে বন বিভাগৰ । যাৰ ফলত লাখ লাখ টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে অসম চৰকাৰে " -এই অভিযোগ স্থানীয় ৰাইজৰ ।

প্ৰাপ্ত তথ্য অনুসৰি মাত্ৰ এটা দিনত এখন ট্ৰেক্টৰৰ ২ছে.মি.ৰ এখন চালান কাটিয়েই দিনটো চালানবিহীনভাৱে এখনৰ পিছত আন এখন বালিভৰ্তি ট্ৰেক্টৰ ওলাই যোৱা পৰিলক্ষিত হয় দোৰপাং কোৱাৰীৰ পৰা । কিন্তু তহলদাৰী বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে গ্ৰহণ কৰে ধৃতৰাষ্ট্ৰৰ ভূমিকা ।

স্থানীয় ৰাইজৰ অভিযোগ মতে বন বিভাগৰ কৰ্মচাৰীয়ে মাহেকীয়া কিস্তি লয় আৰু অবৈধভাৱে বালি-শিল সৰবৰাহ কৰা ট্ৰেক্টৰ আৰু ডাম্পাৰৰ বিৰুদ্ধে গ্ৰহণ নকৰে কোনো ব্যৱস্থা । উদকেই যেন ভেটাৰখীয়া পাতিছে বন বিভাগে । দুৰ্নীতিৰ ক্ষেত্ৰত আপোচবিহীন স্থিতি গ্ৰহণ কৰি অহা বুলি দাবী কৰা চৰকাৰখনে দুৰ্নীতিগ্ৰস্থ বন বিষয়াসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব আগন্তক দিনত লক্ষণীয় বিষয় ৷

লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত ১২ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ শুনানি

Last Updated : Sep 9, 2022, 8:15 AM IST

ABOUT THE AUTHOR

...view details