লখিমপুৰ, ৯ এপ্রিল:মূমুৰ্ষু ৰোগীৰ প্ৰাণৰক্ষাৰ ক্ষেত্ৰত জৰুৰীকালীন সেৱা এম্বুলেন্সৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে । যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'লেও এম্বুলেন্সক সকলোৱে বাট এৰি দিয়ে যাতে ৰোগী অথবা দুৰ্ঘটনাগ্ৰস্ত লোকক সোনকালে চিকিৎলয়লৈ নিব পাৰি । এইবাৰ লখিমপুৰত এখন এম্বুলেন্সক লৈ আৰম্ভ হৈছে চৰ্চা । পিছে মানৱীয় কাৰ্যত আগবঢ়োৱা সেৱাৰ বাবে বাবে এই চৰ্চা হোৱা নাই । এক লজ্জাজনক কাৰ্যৰ বাবেহে চৰ্চিত হৈছে এম্বুলেন্সখন (Illegal activities in Ambulance )। এই এম্বুলেন্সখনত উদ্ধাৰ হৈছে কিছু আপত্তিজনক সামগ্ৰী ।
লখিমপুৰত চৰ্চাৰ মাজলৈ অহা এম্বুলেন্সত ওলাইছে মদ, ভাং, টাচ পাত, গৰ্ভনিৰোধক আৰু চোকা অস্ত্ৰ । লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ মূল প্ৰৱেশ দ্বাৰতে জব্দ কৰা হৈছে এম্বুলেন্সখন (Lakhimpur Medical College Hospital) । যোৱা ছমাহ মানৰ পৰা মেডিকেল কলেজখনৰ প্ৰৱেশ দ্বাৰৰ সন্মুখতে পৰি আছিল AS 07C 6501 নম্বৰৰ এই এম্বুলেন্সখন । স্থানীয় ৰাইজৰ সন্দেহ ওপজাত এম্বুলেন্সখন নিৰীক্ষণ কৰি আপত্তিজনক সামগ্রী থকা বুলি নিশ্চিত হয় । পাচত স্থানীয় ৰাইজে এম্বুলেন্সখনৰ বিষয়ে লীলাবাৰী আৰক্ষীক অৱগত কৰে (Lilabari Police Station)।