লখিমপুৰ, 13 ফেব্ৰুৱাৰী:স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল (Health department question paper leaked) কৰা কাৰ্যৰ মূল অভিযুক্ত নাচিমা বেগম আৰু তেওঁৰ স্বামী মফিজউদ্দিনক লখিমপুৰ সদৰ থানাত মাৰাথন জেৰা ৷ দেওবাৰে নিশাই লখিমপুৰ আৰক্ষীয়ে আটক কৰে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা নাচিমা বেগমক ৷ লগতে আটক কৰে তেওঁৰ স্বামীকো (Husband wife arrested for question paper leaking) ৷
দেওবাৰে অনুষ্ঠিত হোৱা স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰিছিল নাচিমা বেগমে ৷ সামাজিক মাধ্যমত প্ৰশ্নকাকত ভাইৰেল হৈ পৰাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ লগতে উত্থাপন হৈছিল প্ৰশ্নকাকত ফাদিল কৰা ব্যক্তিক গ্ৰেপ্তাৰৰ দাবী ৷ সামাজিক মাধ্যমত ভাইৰেল হোৱা প্ৰশ্নকাকতৰ ৰোল নম্বৰৰ ভিত্তিতেই আক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত (Health department exam paper leaked) ৷
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল এই ঘটনাৰে নাচিমা বেগম নামৰ (Nashima Begum held for question paper leak) মহিলাগৰাকী জড়িত থকাৰ তথ্য ৷ উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত হোৱা পৰীক্ষাত লখিমপুৰৰ উজ্বলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত পৰীক্ষা দিছিল মৈৰাবাৰীৰ নাচিমা বেগমে ৷ দেওবাৰে নিশাই লখিমপুৰ আৰক্ষীয়ে মৈৰাবাৰী আৰক্ষীৰ সহযোগত নাচিমা বেগম আৰু তেওঁৰ স্বামীক আটক কৰি লৈ আনে লখিমপুৰলৈ ৷ সোমবাৰে বিয়লি নাচিমা দম্পতীক লৈ অনা হয় লখিমপুৰ সদৰ থানালৈ (Health department recruitment exam paper leak) ৷