লখিমপুৰ, 27 মাৰ্চ : এটা চাঞ্চল্যকৰ ঘটনা ৷ শুনিলে গাৰ নোম শিঁয়ৰি উঠিব আপোনাৰ ৷ সচৰাচৰ নঘটা এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাত ৷ সাধাৰণ ৰাইজেই নহয়, ঘটনাটোৱে আচৰিত কৰি তুলিছে আৰক্ষীকো ৷ কোনো সুস্থ মানসিকতাৰ ব্যক্তিয়ে এনে ঘটনা সংঘটিত কৰিব পাৰে বুলি সাধাৰণ অৰ্থত ভাবিবলৈ দিগদাৰ ৷ ঘটনাটো এটা হত্যাকাণ্ড ৷ সাধাৰণভাৱে প্ৰায়েই ৰাজ্যৰ ক’ৰবাত নহয় ক’ৰবাত হত্যাৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা যায় ৷ কিন্তু এই ঘটনা আন হত্যাকাণ্ডৰ দৰে নহয় ৷
হাতত ছিন্ন মস্তক লৈ থানাত এজন মানুহ, তেজেৰে লুতুৰি পুতুৰি শৰীৰ ৷ দুচকু জ্বলি আছে ৰঙা অঙঠাৰ দৰে ৷ এনে দৃশ্য কল্পনা কৰি আপুনিও হয়তো শংকিত হৈ পৰিব ৷ কিন্তু কাল্পনিক নহয়, বাস্তৱত সংঘটিত হৈছে তেনে ঘটনা ৷ হাতত পত্নীৰ কটা মূৰ লৈ শনিবাৰে নিশা লীলাবাৰী থানাত উপস্থিত হ’ল এজন লোক (man reached the police station with his wife's cutting head)৷ লোকজনৰ নাম মইনুল আলী ৷
শনিবাৰে নিশা প্ৰায় দহ বজাত দুই সন্তানৰ সমুখতে পত্নীক শিৰচ্ছেদ কৰে মইনুলে (Man brutally kills his wife)৷ তাৰ পাচত পত্নীৰ কটা মূৰ হাতত লৈ পদব্ৰজে আহি থানাত উপস্থিত হৈ আত্মসমৰ্পন কৰে হত্যাকাৰী মইনুল আলীয়ে ৷