লখিমপুৰ,২২মে': উজনিত AAPৰ শক্তি পদৰ্শন(Aam Aadmi Party strength has increased) । ইজনৰ পাছত সিজনকৈ লোকে যোগদান কৰিছে আম আদমি পাৰ্টীত(A large number of people join AAP) । লখিমপুৰত বিজেপি কংগ্রেছৰ ভেটিত কঁপনি তুলি কেইবাশ লোকৰ আম আদমি পাৰ্টীত যোগদান । AIUDF ৰো বৃহৎ সখ্যক লোকৰ AAPলৈ গমন ।
বৰ্তমান কংগ্রেছৰ দখলত থকা লখিমপুৰৰ ১১০ নং নাওবৈচা সমষ্টিত দেওবাৰে শাসকীয় বিজেপি,কংগ্রেছ আদি দলৰ ভেটিত কঁপনি তুলি প্ৰায় তিনিশ লোকে আম আদমি পাৰ্টীত যোগদান কৰে । সমষ্টিটোৰ প্ৰাক্তন AIUDFৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে দল এৰি AAPত যোগদান কৰাৰ দুদিনৰ পাছতে এনেদৰে শতাধিক লোকে যোগদান কৰে AAPত ।
আম আদমি পাৰ্টীত যোগদান কৰে কংগ্ৰেছ, AIUDF ৰ প্ৰায় দুই শতাধিক সংখ্যালঘু লোকে । বিজেপি,কংগ্রেছ অথবা AIUDFৰ প্ৰতি মোহভংগ হোৱাৰ বাবেই এই সকল লোকে AAPৰ মজিয়াত ভৰি থয় বুলি আপৰ নেতৃত্ব ই দাবী কৰে । AAPৰ কাম কাজৰ প্ৰতি সাধাৰণ জনতা আকৃষ্ট হৈছে বুলিও উল্লেখ কৰে আপৰ নেতৃত্বই ।
উল্লেখ্য লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত বালিটিকাত আম আদমি পাৰ্টীৰ এই যোগদান কাৰ্যসূচী সম্পন্ন হয় । দুই শতাধিক সংখ্যালঘু লোকে AAPত যোগদান কৰা কাৰ্যই বিৰোধী দলক শংকিত কৰি তুলিছে । প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে আম আদমি পাৰ্টীত যোগদান কৰাৰ পাছতেই আজি এইদৰে দুই শতাধিক সংখ্যালঘু লোকে যোগদান কৰা কাৰ্য তাৎপর্যপূর্ণ ৰূপে বিবেচিত হৈছে ।
লগতে পঢ়ক:আৰক্ষীৰ চকুৰ আগতেই জ্বলি ছাঁই হ’ল থানা; তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ