বিহপুৰীয়া,16 আগষ্ট:বৰ্তমানেও লখিমপুৰ জিলাত দপদপাই আছে নকল সোণৰ ব্যৱসায়ী । নকল সোণ ব্যৱসায়ীৰ বিৰুদ্ধে লখিমপুৰৰ বঙালমৰা আৰু নাওবৈচাত আৰক্ষীয়ে পুনৰ এক অভিযান চলাই । নকল সোণ ব্যৱসায়ীৰ বিৰুদ্ধে চলোৱা এই অভিযানত বঙালমৰাৰ ১ নং আহমেদপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মিৰাজ আলী নামৰ লোকজনক । নকল সোণ ব্যৱসায়ী মিৰাজ আলীৰ স্বীকাৰোক্তিত পুনৰ নিশাই আৰক্ষীয়ে নাওবৈচাৰ মহঘুলিত অভিযান চলাই ৷ বঙালমৰা আৰু নাওবৈচা আৰক্ষীয়ে মহঘুলিৰ নছিম উদ্দিনৰ বাসগৃহত চলাই অভিযান চলাই বৃহৎ পৰিমাণৰ নকল সোণ জব্দ কৰে ৷ নছিম উদ্দিনৰ বাসগৃহৰ পৰা জব্দ কৰে নকল সোণৰ নাও আৰু নগদ ৫০ হাজাৰ টকা ।
দীৰ্ঘ দিন ধৰি লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত চলি আহিছে নকল সোণৰ বেহা ৷ কিন্তু নকল টকা, নকল সোণ আৰু ড্ৰাগছৰ ব্যৱসায় উৎখাত চলাবলৈ এখোজ আগুৱাই দুখোজ পিচলৈ ওভতি আহিব লগা হয় লখিমপুৰ আৰক্ষী ৷ আনহাতে এই সমূহত চক্ৰৰ উৎখাতৰ বাবে লখিমপুৰ জিলালৈ আৰক্ষী অধীক্ষক হিচাপে আৰক্ষী বিষয়া আনন্দ মিশ্ৰক কিছু দিন পূৰ্বে নিযুক্ত দিয়া হৈছিল ।