লখিমপুৰ,৩১জুলাই : ক'ভিড (Covid) সৃষ্ট পৰিস্থিতিৰ মাজতে বহু জল্পনা কল্পনাৰ অন্তত শুকুৰবাৰে ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC exam) ফলাফল । পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰি পুৰণি নম্বৰৰ ওপৰতে নিৰ্ভৰ কৰি এইবাৰ ফলাফল প্ৰকাশ কৰা হয় । পিছে এই ফলাফলে বহু ছাত্র-ছাত্রীক আন্ধাৰৰ মাজলৈহে ঠেলি দিলে । পৰীক্ষা নোহোৱাকৈ ফলাফল দিয়া এই প্ৰক্ৰিয়াত ১ নম্বৰৰ বাবেও উত্তীৰ্ণ হ'ব নোৱাৰিলে একাংশ শিক্ষাৰ্থী ।
ৰাজ্যৰ বহু ঠাইৰ দৰে লখিমপুৰতো তেনে ঘটনা সংঘটিত হৈছে । যাৰ বাবে শনিবাৰে লখিমপুৰৰ এখন বিদ্যালয়ত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গ'ল । বিদ্যালয়খনৰ ২৯ গৰাকীকৈ ছাত্রী অনুত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ।
লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় । শনিবাৰে ন্যায় বিচাৰি ছাত্রীসকলে উত্তাল কৰে বিদ্যালয়ৰ চৌহদ । কান্দোনত ভাগি পৰা ছাত্রীসকলে তেওঁলোকৰ প্ৰতি অন্যায় কৰাৰ অভিযোগ তোলে ।