অসম

assam

ETV Bharat / state

ক’ভিড আহিলেও সময়তেই অনুষ্ঠিত হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা - Date of HSLC exam

সময় মতেই অনুষ্ঠিত হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ৷ বিহপুৰীয়াত এই কথা ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ (Ranoj Pegu on HSLC and AHSEC exam)৷ লগতে ২০৩৫ চনৰ ভিতৰতহে নতুন শিক্ষানীতি সম্পূৰ্ণ ৰূপে ৰূপায়ন হ'ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে (New Education Policy in Assam)৷

Ranoj Pegu at Bihpuria for election campaign
নতুন শিক্ষানীতি সন্দৰ্ভত কি ক'লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

By

Published : Jan 16, 2022, 10:42 AM IST

বিহপুৰীয়া, 15 জানুৱাৰী : বৰ্তমান ৰাজ্যত অব্যাহত ক'ভিড পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ (Covid cases in Assam) কৰাৰ পিছতো আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বদ্ধপৰিকৰ ৰাজ্যৰ শিক্ষা বিভাগ ৷ সংবাদ মাধ্যমৰ সম্মুখত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হোৱাতো নিশ্চিত বুলি অৱগত কৰে (Ranoj Pegu on HSLC and AHSEC exam)।

নতুন শিক্ষানীতি সন্দৰ্ভত কি ক'লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

ইফালে বিদ্যালয়সমূহত পুনৰ নিয়মিত পাঠদান আৰম্ভ কৰাৰ কথাও উল্লেখ কৰাৰ লগতে ২০৩৫ চনৰ ভিতৰতহে নতুন শিক্ষানীতি সম্পূৰ্ণ ৰূপে ৰূপায়ন হ'ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে (New Education Policy in Assam)৷ তেওঁ কয় যে আগন্তুক বৰ্ষত মহাবিদ্যালয় সমূহৰ পৰা উচ্চতৰ মাধ্যমিকৰ দুটা বৰ্ষ আঁতৰাই মাধ্যমিক বিদ্যালয় সমূহত যোগ দিয়া হ’ব ৷ শনিবাৰে বিহপুৰীয়াত অনুষ্ঠিত ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি এই কথা উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচন(Thengal Kachari Autonomous Council election) অনুষ্ঠিত হ’ব লগীয়া ১৬ নং বঙালমৰা পূৱ ডিক্ৰং ঠেঙাল কছাৰী পৰিষদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী লেখন বৰাৰ হৈ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু(Ranoj Pegu at Bihpuria) ।

নতুন শিক্ষানীতি সন্দৰ্ভত কি ক'লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

ভাষণ প্ৰসঙ্গত মন্ত্ৰী গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যানমূলক আঁচনিৰ বিষয়ে উপস্থিত জনতাক অগৱত কৰে । লগতে নিৰ্বাচনী সভাত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়াৰ বিধায়ক ড৹ অমীয় কুমাৰ ভূঞা, জ্যেষ্ঠ অগপ নেতা প্ৰবীণ হাজৰিকাৰ উপস্থিতিত পৰিষদীয় সমষ্টিটোৰ প্ৰাৰ্থী লেখন বৰাক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ আহ্বান জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :কংগ্ৰেছে দখল কৰিব ঠেঙাল কছাৰী পৰিষদ : প্ৰদীপ গগৈ

ABOUT THE AUTHOR

...view details