বিহপুৰীয়া, 11 ডিচেম্বৰ: ভূপালত অনুষ্ঠিত 64 সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপ(64th National Shooting Championship Bhopal)ত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন যুৱ শ্বুটাৰ হৃদয় হাজৰিকাই চিনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক দখল কৰে ৷
যোগ্যতা অৰ্জনৰ মেচখনত হৃদয়ে 628.6 পইন্ট লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ৷ চূড়ান্ত খেলত হৃদয় হাজৰিকাই এটা শ্বটত 9.1 পইন্ট লাভ কৰাত স্বৰ্ণ পদক লাভৰ পৰা বঞ্চিত হয় যদিও চিনিয়ৰ পৰ্যায়ত প্ৰথম পদক লাভ কৰিবলৈ সক্ষম হয় ৷
ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত হৃদয় হাজৰিকাৰ সফলতা ক’ভিড-19ৰ বাবে এক দীঘলীয়া সময় বিৰতি ল’বলগীয়া হোৱাৰ পিছত অসমৰ শ্বুটাৰ হৃদয় হাজৰিকাৰ এয়া প্ৰথম পদক ৷ ইয়াৰ পূৰ্বে 2020 চনত গুৱাহাটীত অনুষ্ঠিত খেল’ ইণ্ডিয়াৰ য়ুথ গেমচত ৰূপৰ পদক লাভ কৰি হৃদয়ে গৃহ চহৰ নাৰায়ণপুৰৰ লগতে সমগ্ৰ লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছিল ।
ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত হৃদয় হাজৰিকাৰ সফলতা উল্লেখ্য যে, ২০১৮ চনত অনুষ্ঠিত ইণ্টাৰলেশ্যনেল শ্বুটিং স্পৰ্ট ফেডাৰেশ্যনৰ (International Shooting Sport Federation) বিশ্ব শ্বুটিঙৰ 10 মিটাৰ এয়াৰ ৰাইফল ইভেন্টত স্বৰ্ণপদক লাভ কৰিছিল অসম সন্তান হৃদয় হাজৰিকাই ৷
লগতে পঢ়ক:Maradona's Watch found in Sivsagar : শিৱসাগৰত উদ্ধাৰ ফুটবল সম্ৰাট মাৰাডোনাৰ ঘড়ী