অসম

assam

ETV Bharat / state

এজোপা শিমলু গছৰ বাবে হাহাকাৰ লখিমপুৰৰ এটা পৰিয়ালৰ - Lakhimpur

Damage to houses in Lakhimpur due to collapse of tree branches: এজোপা শিমলু গছৰ বাবে দুৰ্যোগ নামি আহিল লখিমপুৰৰ এটা পৰিয়াললৈ ৷ বতাহ, বৰষুণ নোহোৱাকৈ হঠাৎ ভাগি পৰিল বৃহৎ আকাৰৰ ডাল ৷ ফলত এটা পৰিয়ালৰ বাসগৃহৰ লগতে দোকানো বিস্তৰ ক্ষতিসাধন হয় ৷

houses as well as shops damaged due to branches
শিমলু গছৰ বাবে হাহাকাৰ লখিমপুৰৰ এটা পৰিয়ালৰ

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 11:25 AM IST

Updated : Jan 1, 2024, 11:35 AM IST

শিমলু গছৰ বাবে হাহাকাৰ লখিমপুৰৰ এটা পৰিয়ালৰ

লখিমপুৰ, 1 জানুৱাৰী :মানুহৰ ঘৰ, মটৰ চাইকেল অথবা চাৰিচকীয়া বাহন দেখিব নোৱাৰা এজোপা শিমলু গছ ৷ লখিমপুৰৰ চহৰৰ সমীপত অৱস্থিত গছজোপাক ৰাইজে কাটিবলৈ কোৱাৰ পাছতো কটা নাই বন বিভাগে ৷ কিন্তু কিয় !

2024 বৰ্ষৰ প্ৰথম পুৱাতে অৰ্থাৎ সোমবাৰে পুৱা এজোপা গছৰ বাবে দুৰ্যোগ নামি আহিল লখিমপুৰৰ এটা পৰিয়াললৈ। কাৰণ, প্ৰকাণ্ড গছৰ ডাল পৰি চুৰ্ণ-বিচুৰ্ণ হ’ল লখিমপুৰ নগৰৰ গাতে লাগি থকা বোৱালগুৰিৰ দামোদৰ শৰ্মাৰ নামৰ লোকজনৰ ঘৰ ৷

কোনো বতাহ, বৰষুণ নোহোৱাৰ পাচতো তেওঁলোকৰ ঘৰৰ ওপৰতে প্ৰকাণ্ড শিমলু গছৰ ডাল বাগৰি পৰে । ফলত তেওঁলোকৰ ঘৰতে সংলগ্ন দোকানখনৰে বিস্তৰ ক্ষতিসাধন হয় । উক্ত ঘটনাৰ সময়ত পৰিয়ালটোৰ সদস্যসকল ঘৰটোৰ পিছৰ অংশত শুই আছিল বাবে তেওঁলোক প্ৰাণ ৰক্ষা পৰে ।

উল্লেখ্য যে, বোৱালগুৰিৰ পৰা ৰঙাজান সংযোগী পথত বোৱালগুৰি তিনি আলিৰ সমীপতে দামোদৰ শৰ্মাৰ দোকান আৰু সংলগ্ন বাসগৃহটো আছে । পথটোৰ সিটোপাৰে ৰাজহুৱা জিৰণি চ'ৰাটোৰ কাষতে আছিল প্ৰায় শতবর্ষ পুৰণি শিমলু গছজোপা । এই গছজোপাৰে বৃহৎ আকাৰৰ ডাল ভাঙি পৰাত দামোদৰ শৰ্মাৰ দোকান আৰু বাসগৃহ বিস্তৰ ক্ষতিসাধন হয় ৷

এয়াই প্ৰথম ঘটনা নহয় । ইয়াৰ পূৰ্বেও উক্ত গছজোপাৰ প্ৰকাণ্ড ডাল ভাগি একাধিক দুৰ্ঘটনা সংঘটিত হৈছিল ৷ কিছু দিনৰ পূৰ্বে গছজোপাৰৰ পৰা প্ৰকাণ্ড ডাল পৰিছিল ৰখাই থোৱা এখন মিনি ট্ৰাকত ৷ কিছু দিনৰ পূৰ্বেও কাষতে থকা জিৰণি চ'ৰাটোৰ ওপৰত গছজোপাৰ ডাল ভাগি পৰাৰ ফলত জিৰণি চ'ৰাটো চুৰ্ণাকৃত হৈ পৰে।

গছজোপাৰ পৰা সন্মুখীন হোৱা এনে সমস্যাৰ বাবে স্থানীয় লোকে গছজোপা কাটিবলৈ বন বিভাগক একাধিক বাৰ আবেদন জনাইছিল ৷ কিন্তু বন বিভাগে কেৱল গছজোপা নাম্বাৰিং কৰিয়েই দায়িত্ব সামৰিলে বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালে ৷

ইফালে গছজোপা পৰি বিদ্যুত পৰিবাহী তাঁৰ, খুঁটা আদি ভাঙি যোৱা অঞ্চলটোত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে ৷

লগতে পঢ়ক :তিনি সন্তানৰ মাতৃৰে দুৰ্ঘোৰ প্ৰেম, বিছনা-গছত বান্ধি প্ৰেমিকাৰ সন্তানৰ উত্তম মধ্যম

Last Updated : Jan 1, 2024, 11:35 AM IST

ABOUT THE AUTHOR

...view details